Corruption in road construction:মন্ত্ৰী পীযুষ হাজৰীকাৰ সমষ্টিত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ
🎬 Watch Now: Feature Video
মৰিগাঁও, 22 ছেপ্টেম্বৰ : ২০২২-২৩ বৰ্ষৰ তিৱা স্বায়ত্ত পৰিষদৰ আৱন্টিত পুঁজিৰে পৰিষদৰ ৯ নং দমাল সমষ্টি অন্তৰ্গত বাকৰি চাপৰি গাঁওখনত থকা জগদীশ বিশ্বাসৰ ঘৰৰ পৰা নিতাই সন্ন্যাসীৰ ঘৰলৈ যোৱা পথটো ঠিকাদাৰ ৰাজ মোহন ভড়ালীয়ে দুৰ্নীতি কৰি নিৰ্মাণ কৰাৰ ভয়ংকৰ অভিযোগ তুলিছে স্থানীয় লোকে । উক্ত পথটোৰ নিৰ্মাণত ৰাজমোহন ভড়ালীয়ে দুৰ্নীতি সংঘটিত কৰাত স্থানীয় অনিল চন্দ্ৰ মণ্ডল নামৰ লোকজনে তথ্য জনা অধিকাৰ আইন ২০০৫ ৰ জৰিয়তে আবেদন কৰি পোৱা আৰ.টি.আইৰ তথ্যই পোহৰলৈ আনিছে বহু কথা ।
নতুনকৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা বাকৰি চাপৰি গাঁৱৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে মন্ত্ৰীজনক দক্ষ মন্ত্ৰী হিচাপে অভিহিত কৰি পথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ কথা দৃষ্টি গোচৰ কৰিব বিচাৰিছে ৷ লগতে দোষীয়ে উচিত শাস্তি যাতে পাই তাৰ বাবেও আহ্বান জনাইছে স্থানীয় লোকে । এতিয়া প্ৰশ্ন হয় পথ নিৰ্মাণৰ নামত ঠিকাদাৰ ৰাজমোহন ভড়ালীয়ে কৰা দুৰ্নীতিৰ হ’বনে বিচাৰ ? দুৰ্নীতিশূণ্য চৰকাৰ বুলি মন্তব্য কৰি থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কৰিব পাৰিবনে উচিত তদন্ত ?
লগতে পঢ়ক : Public agitation in Morigaon: মৰিগাঁৱত দুই ইটাভাটা মালিকৰ যুঁজত শ্ৰমিকৰ মৰণ