Corruption in Jorhat : ৰূপজোতি কুৰ্মীৰ সমষ্টিত খোদ লোক নিৰ্মাণ বিভাগৰ লোকে স্বীকাৰ কৰিলে ব্যাপক বিসংগতিৰ কথা

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:53 PM IST

thumbnail

যোৰহাট,25 আগষ্ট: লোক নিৰ্মাণৰ বিভাগীয় কৰ্মচাৰীয়ে স্বীকাৰ কৰিলে পথ নিৰ্মাণত হোৱা বেমেজালিৰ কথা ৷ জানিব পৰা মতে, যোৰহাট জিলাৰ মৰিয়নি সমষ্টিত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু বিসংগতি থকা অভিযোগ উথাপন কৰিছে স্থানীয় লোকে। 3 কোটি 22 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া জেঙনী-হাতীজুৰি সংযোগী পথৰ প্ৰায় 3 কিলোমিটাৰ পথত নিৰ্মাণ হৈ থকা 8 টা কালভাৰ্টৰ নিৰ্মাণত ব্যাপক বিসংগতি থকাৰ লগতে ঠিকাদাৰ জনৈক চালিম হাজৰিকাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰেৰে কালভাৰ্ট নিৰ্মাণ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে পথৰ কাম বন্ধ কৰি দিয়ে ।

সংবাদ মাধ্যমৰ আগত খোদ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়েই কালভাৰ্ট নিৰ্মাণত বিসংগতি থকাৰ কথা স্বীকাৰ কৰে । স্থানীয় ৰাইজৰ মতে এনে ধৰণৰ একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ বাবে মৰিয়নিৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণত ব্যাপক হাৰত দুৰ্নীতি আৰু অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈ আহিছে । উল্লেখ্য যে মৰিয়নি সমষ্টিটোত সঘনাই হৈ থকা দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত স্থানীয় বিধায়ক ৰূপজোতি কুৰ্মীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ তোলে ।

লগতে পঢ়ক: Flood and Erosion in Assam : আই নদীয়ে সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বানৰ, চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাত ক্ষুব্ধ ভুক্তভোগী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.