CITU protest: দৰঙত নিৰ্মাণ শ্ৰমিক সন্থাৰ বিক্ষোভ - Construction Workers Union protest
🎬 Watch Now: Feature Video

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদক উত্তাল হ'ল দৰং জিলাৰ ভেবাৰঘাট (Construction Workers Union protest)। বছৰ বছৰ ধৰি চৰকাৰী প্ৰৱঞ্চনাৰ বলি হৈ অৱশেষত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল নিৰ্মাণ শ্ৰমিক সন্থা ৷ মঙলদৈৰ ভেবাৰঘাটৰ কৃষ্টি সংঘৰ বাকৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে নিৰ্মাণ শ্ৰমিকসকলে । তেওঁলোকৰ অভিযোগ অনুসৰি চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল যদিও প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে চৰকাৰ । যাৰ বাবে CITUৰ সহযোগত মটৰ শ্ৰমিক ইউনিয়ন, অংগনাবাদী কৰ্মী সহায়িকা সন্থা আদিকে ধৰি কেইবাটাও শ্ৰমিক সন্থাই একত্ৰিতভাৱে বিক্ষোভ প্ৰদৰ্শন কৰে (CITU protest in Darrang)৷ দৰং জিলা নিৰ্মাণ শ্ৰমিক সন্থাই উল্লেখ কৰা মতে চৰকাৰে যদি তেওঁলোকৰ দাবী পূৰণ নকৰে তেনেহ'লে অনাগত সময়ত ৰাজপথত তীব্ৰ আন্দোলনত বহিব সংগঠনটো ।
Last Updated : Feb 3, 2023, 8:31 PM IST