thumbnail

আয়ুষ হাস্পতাল আৰু আয়ুৰ্বেদিক কলেজেৰে স্বাস্থ্যখণ্ডত ব্যাপক উন্নয়নৰ আশ্বাস সোণোৱালৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 8:08 PM IST

গুৱাহাটী ২১ নৱেম্বৰ: ডিব্ৰুগড়ত স্থাপন কৰিবলগীয়া যোগ আৰু প্ৰাকৃতিক চিকিৎসা হাস্পতালৰ (Yoga and Naturopathy Hospital ) নিৰ্মাণৰ কাম অহা ডিচেম্বৰত আৰম্ভ হ'ব । মঙলবাৰে গুৱাহাটীত কেন্দ্ৰীয় আয়ুস, বন্দৰ-জাহাজ পৰিবহন আৰু জলপথৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা সদৰী কৰে । 

তেওঁ জনায় যে অসমত ইতিমধ্যে ১০০০ খন Ayushman Bharat Health and Wellness Centre নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে । ইয়াৰে ৫০০ খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ।

সোণোৱালে লগতে জনায় যে কেন্দ্ৰীয় চৰকাৰে অসমত ১০০ খন‌ আয়ুষ ফাৰ্মাচী স্থাপন কৰাৰ বাবে অনুমোদন জনাইছে । লগতে ৩৩ খন আয়ুষ হাস্পতাল আৰু ৪ খন আয়ুৰ্বেদিক কলেজ নিৰ্মাণৰ বাবেও অনুমোদন জনোৱা হৈছে । অহা ২০২৪ চনৰ ভিতৰত Regional research institute of homeopathy নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ 

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰও খান্দিব উত্তৰ-পূবত উন্নয়নৰ চকাও দ্ৰুত গতিত ঘূৰিব; সোণোৱালৰ আশ্বাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.