Constituency Delimitation: একাংশ ৰাজনৈতিক নেতাই আমাৰ সুৰতে সুৰ মিলাইছে ! - তিনচুকীয়া
🎬 Watch Now: Feature Video
জোনাই, ১৭ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সমৰ্থন কৰা বুলি প্ৰকাশৰ পাচতে সৰ্বত্ৰে কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে আছু ৷ বিপৰীতে যুক্তি থকাৰ কথা দোহাই দি বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে আছুৰ নেতৃবৰ্গই ৷ জোনাইত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পৰ্কে পুনৰ প্ৰতিক্ৰিয়া আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ ৷
আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয় ‘‘ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পৰ্কে আমি বিজ্ঞ নহয় ৷ 22 দিনত খচৰাখনৰ ওপৰত মন্তব্য কৰিবলৈ অলপ কঠিন ৷ আমি সম্পূৰ্ণভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সমৰ্থন কৰা নাই ৷ পূৰ্বে যি সকলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পৰ্কত মাত মাতিছিল তেওঁলোকে এতিয়া আমাৰ লগতে সুৰ মলাইছে ৷ কাৰণ সংবিধানৰ 170 দফাত লিখা আছে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে শেহতীয়া লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগে বুলি ৷ অৰ্থাৎ 2001 চনটো ভিত্তিবৰ্ষ হ’ব লাগে ৷ এই কথাকে আমি কৈ আছো ৷ আমাৰ কথাকে শুনি একাংশ ৰাজনৈতিক নেতাই শুদ্ধ NRC প্ৰসংগলৈ আহিছে ৷ পূৰ্বে লোকপিয়ল (2011) ৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগে বুলি মন্তব্য কৰি আহিছিল সেইসকল ৰাজনৈতিক নেতাই ৷’’
তেওঁ আৰু কয় ‘‘ধেমাজি, লক্ষীমপুৰ, তিনচুকীয়াত এটাকৈ সমষ্টি বৃদ্ধি পাইছে গতিকে সেয়া আমাৰ বাবে ভাল খবৰ ৷ অনুসুচিত জাতিৰ আসন বৃদ্ধি কৰিছে সেয়া আদৰণি জনাইছো ৷ কিন্তু তাৰ মানে এইটো নহয় যে লাহোৱাল, আমগুৰি সমষ্টি বিলুপ্ত কৰিব লাগে ৷ আমি লাহোৱাল, আমগুৰি সমষ্টি পুনৰ ঘুৰাই বিচাৰিছো ৷’’
লগত পঢ়ক:Assam Constituency Delimitation: সমষ্টি সংৰক্ষণমুক্ত কৰাৰ বিৰোধিতাৰে ৰাজহুৱা সভা