Congress Protest in Guwahati:মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ - BJP
🎬 Watch Now: Feature Video
গুৱাহাটী,31 জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে মহানগৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ মহানগৰ কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰ বিৰোধী শ্লো’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ কৰ্মীসকলে ৷ কংগ্ৰেছৰ নেতা জাকিৰ হুছেইন শিকদাৰ আৰু নেত্ৰী মীৰা বৰঠাকুৰে নেতৃত্ব দিয়ে প্ৰতিবাদকাৰী দলটোক ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ নেতা জাকিৰ হুছেইনৰ শিকদাৰে কয় যে, মূল্যবৃদ্ধিৰ বিষয়টোৰ প্ৰতি ফেচীবাদী চৰকাৰখনৰ মনোযাগ নাই ৷ মূল্যবৃদ্ধিৰ ফলত দৈনন্দিন জীৱনৰ ব্যয় বৃদ্ধিৰ বাবে সাধাৰণ নাগৰিকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৷ যাৰ বাবে কংগ্ৰেছ দলে এক শান্তিপূর্ণ প্ৰতিবাদেৰে সমস্যাটোৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছে । কিন্তু চৰকাৰৰ আৰক্ষী বাহিনীয়ে এই শান্তিপূর্ণ প্ৰতিবাদক বল প্ৰয়োগেৰে বাধা দিছে ৷
লগতে পঢ়ক:Bajrang Arms training : বিজেপি নেতা মন্ত্ৰীৰ ঘৃণাসূচক মন্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ কংগ্ৰেছৰ আইন বিভাগ