Congress protest in Behali:বিহালীত মূ‌ল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমদল

🎬 Watch Now: Feature Video

thumbnail

বিশ্বনাথ, ২৯ জুলাই: মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ । দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিতৌ বৃদ্ধি পাইছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৰন্ধন গেছ ,পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সর্বসাধাৰণ ৰাইজক । মূল্যবৃদ্ধিক লৈ চৰকাৰৰ কোনো গুৰুত্ব নাই যদিও বিৰোধী দল কংগ্ৰেছে মূল্যবৃদ্ধি ৰোধৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ । শনিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথ জিলা কংগ্ৰেছ আৰু বিহালী বাঘমৰা, বিহালীমণ্ডলে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।

পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছ তথা অনান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিহালী সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে ।কংগ্ৰেছ কৰ্মী-সমৰ্থক সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰগাং চেন্টাৰ মাজমজিয়াৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক সমদল উলিয়াই বিহালী উন্নয়ন খণ্ডত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

বিহালী সমষ্টিৰ কংগ্ৰছৰ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে বিহালী উন্নয়ন খণ্ড চৌহদ । এই প্ৰতিবাদী কাৰ্যসূচীত বিহালী যুব কংগ্ৰেছৰ সভাপতি, সম্পাদক, প্ৰদেশ কংগ্ৰেছ সম্পাদক, বিশ্বনাথ কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:INDIA Opposition team : শনিবাৰে নহয় দেওবাৰেহে ইণ্ডিয়া মিত্ৰজোঁটৰ দলে সাক্ষাৎ কৰিব অনুছুইয়া উইকেক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.