Ashok Singhal slams congress: কংগ্ৰেছ মাথোঁ টিভিত জীয়াই আছে; মন্ত্রী অশোক সিংহল - কংগ্ৰেছ মাথো টিভিত জীয়াই আছে
🎬 Watch Now: Feature Video
গুৱাহাটী, 14 মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হৈছে 10 টা ৰাজনৈতিক দল ৷ এই বাতৰি প্ৰচাৰৰ পিচতেই কংগ্ৰেছৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী অশোক সিংহলে (Minister Ashok Singhal) ৷
অসম বিধানসভাৰ বাজেত অধিৱেশনৰ তৃতীয় দিনা মন্ত্ৰী অশোক সিংহলে সংবাদমাধ্যমৰ আগত কয় যে, কংগ্ৰেছ এতিয়া নাই (Minister Ashok Singhal slams congress )৷ কংগ্ৰেছ এতিয়া টিভিত জীয়াই আছে ৷ সাংবাদিকে প্ৰশ্ন নকৰিলে অসমৰ মানুহে পাহৰিয়ে গৈছিল কংগ্ৰেছৰ কথা । টিভিত ওলালেহে মানুহৰ মনত পৰিব কংগ্ৰেছৰ কথা । কেইদিনমান কংগ্ৰেছক লৈ প্ৰশ্ন কৰা বন্ধ কৰি দিলে অসমৰ মানুহে কংগ্ৰেছক পাহৰি যাব, ইতিমধ্যে কংগ্ৰেছক পাহৰিছেই অসমৰ ৰাইজে (Minister Ashok Singhal react on congress) ৷
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ বিধায়ক থকা সমষ্টিৰ মানুহো এতিয়া সমষ্টিৰ কামৰ বাবে বিজেপিৰ ওচৰলৈ আহে ৷ সাধাৰণ লোকে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়াটো তেওঁলোকৰ ভুল হোৱা বুলি স্বীকাৰ কৰে ।
শেহতীয়াকৈ মন্ত্ৰী সিংহলে আকাশ মাৰ্গেৰে গুৱাহাটী পৰিভ্ৰমণ কৰা সন্দৰ্ভত তেওঁ কয় যে, নলা-নৰ্দমা কিমান জাম হৈ আমি তাক নিৰীক্ষণ কৰিছিলো ৷ গুৱাহাটীৰ নদী তথা নৰ্দমাবোৰ বেদখল হ’লে কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ গঢ়াৰ উদ্দেশ্যৰে উচ্ছেদ কৰিব লাগিব ৷ গুৱাহাটীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে ।
লগতে পঢ়ক: Eviction drive at Beltola : বেলতলাৰ সৌৰভ নগৰত পৌৰ নিগমৰ উচ্ছেদ অভিযান