Opposition Leader Debabrata Saikia: মণিপুৰৰ মুখ্যমন্ত্ৰীৰ অদক্ষতা প্ৰমাণ হৈ গৈছে; দেৱব্ৰত শইকীয়া - কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 11 আগষ্ট : তিনিচুকীয়াত বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া ৷ তিনিচুকীয়াত উপস্থিত হৈ নেতাজনে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিকে ধৰি অসমৰ কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷
দেৱব্ৰত শইকীয়াই কয় যে, মণিপুৰত বহুবছৰ ধৰি উগ্ৰপন্থীৰ সমস্যা আছিল ৷ এইবিলাক মোকাবিলা কৰা হৈছিল ৷ তাত সকলোৱে একেলগে বসবাস কৰিছিল ৷ কিন্তু মোদী চৰকাৰৰ ভুল নীতিৰ বাবেই এতিয়া এশ দিনতকৈ অধিক গোষ্ঠী সংঘৰ্ষত বিপৰ্যস্ত মণিপুৰ ৷ মণিপুৰত এতিয়া জাতি-জনগোষ্ঠী সমূহৰ মাজত ইজনে সিজনক বিশ্বাসত লব নোৱাৰা এটা পৰিৱেশৰ সূচনা হৈছে ৷ এই ব্যৱস্থাটো সমগ্ৰ ভাৰতকে অশান্তিময় কৰিবলৈ বিজেপিৰ এটা এজেণ্ডাৰেই কিজানি অন্তৰ্ভূক্ত হৈছে বুলি কয় তেওঁ ৷
তেওঁ কয় যে, কিছু দিন পূৰ্বে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্ৰ্জুন খাৰ্গে, ৰাহুল গান্ধীৰ সৈতে, অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ বিভিন্ন নেতা-কৰ্মী এক বৈঠকত মিলিত হয় ৷ য’ত বিজেপিৰ বহু হঠকাৰি সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছ দলক বিজয়ী কৰাৰ বাবে বিভিন্ন ধৰণৰ আলোচনা কৰা হয় ৷
এই বৈঠকত ৰাইজৰ হৈ কাম কৰাৰ লগতে বিজেপিৰ ভুল নীতিৰ বিৰুদ্ধে জনগণক সজাগ কৰি তুলিবলৈ দলক তৃণমূল পৰ্যায়ৰ পৰা মজবুট কৰিবলৈ সকলোকে পৰামৰ্শ দিয়া হৈছে বুলি কয় নেতাজনে ৷ গতিকে সেই অনুসৰি ৰাজ্যৰ গ্ৰামাঞ্চল, বাগান অঞ্চল সকলোতে কংগ্ৰেছৰ বিষয়ে আৰু বিজেপিৰ দুৰ্নীতি, বিজেপিৰ সহযোগী যিসকল পুঁজিপতি তেওঁলোকৰ বাবে যে আঁচনি লৈ আছে সেই বিষয়ে ৰাইজক সজাগ কৰিব লাগিব বুলি কয় তেওঁ ৷
লগতে পঢ়ক : Dergaon news : দেৰগাওঁত ৰাইজৰ ৰোষত বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী