thumbnail

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 2:14 PM IST

ETV Bharat / Videos

Bhupen Kr Borah on Madhavdev Award : চৰকাৰে মাধৱদেৱ বঁটা প্ৰদান কৰিব নোৱাৰে যদি আমাক দায়িত্ব অৰ্পণ কৰক : ভূপেন বৰা

ডিব্ৰুগড়,  ৪ ছেপ্টেম্বৰ : আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি । মাধৱদেৱৰ তিথিৰ দিনটোতে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । চৰকাৰক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘আজিৰ দিনটোত ৰাজ্যৰ বিজেপি চৰকাৰে পাহৰি গ’ল মাধৱদেৱ বঁটাৰ কথা’’ ।

কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু কয়, ‘‘সদ্দিচ্ছা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে ২০০৫ চনৰ পৰা প্ৰদান কৰা মাধৱদেৱ বঁটা ২০১০ চনৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে মাত্ৰ এবাৰহে মাধৱদেৱ বঁটা প্ৰদান কৰিছিল । তাৰ পাচত বৰ্তমানলৈকে এই বঁটা প্ৰদান কৰা নাই চৰকাৰে’’ ৷

লগতে তেওঁ যদি চৰকাৰে বঁটা প্ৰদান কৰিব নোৱাৰে, তেন্তে আমাক দায়িত্ব অৰ্পণ কৰক বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাক আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক : Assam CM on Syndicate: বজালী আৰক্ষীৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া; জ্যেষ্ঠ বুলি সাৰি নাযাব আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.