Road Accident in Majuli: মাজুলীৰ পথ দুৰ্ঘটনাৰ তদন্তৰ দাবী কংগ্ৰেছৰ - Congress demands compensation for accident victim
🎬 Watch Now: Feature Video
মাজুলী, ২০ মে': শুক্ৰবাৰে মাজুলীৰ বৰগুৰি চাৰিআলিত সংঘটিত পথ দুৰ্ঘটনাৰ তদন্ত আৰু মৃত্যু হোৱা অয়নজ্যোতি বনিয়া আৰু আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন মলয় নাথৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে মাজুলী জিলা কংগ্ৰেছে (Road Accident at Majuli)। শনিবাৰে মাজুলী জিলা সদৰ গড়মূৰত অৱস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে এইদৰে দাবী জনায় । সংবাদমেলত মাজুলী জিলা প্ৰশাসনক ক্ষোৰধাৰ সমালোচনা কৰে ৰাজীৱ লোচন পেগুৱে (Congress demands compensation for accident victim)।
তেওঁ কয় যে যান-বাহনৰ দ্ৰুত বেগেই দুৰ্ঘটনাৰ কাৰণ বুলি পৰিবহন বিভাগে সজাগতামূলক সভা পাতি দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ প্ৰয়াস কৰি আহিছে । আনহাতে, চৰকাৰী বিভাগেই এই প্ৰয়াসক ভংগ কৰিছে বুলি প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে কয় (Road Accident in Majuli)। এয়া অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাজীৱ লোচন পেগুৱে । তেওঁ কয় যে কালি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নথি পত্ৰ সম্পূৰ্ণকৈ নাই । যদি প্ৰকৃততে কাগজ নাই সেই বিষয়টোৰো উচিত তদন্ত হ’ব লাগে বুলিও তেওঁ কয় (Congress demand investigation of road accident)। এই সংবাদমেলত উপস্থিত থাকে, মাজুলী জিলা কংগ্ৰেছৰ উপ সভাপতি কালিৰাম কুলিকে ধৰি জিলা কংগ্ৰেছৰ কেইবাগৰাকী নেতা কৰ্মী।
লগতে পঢ়ক:Road Accident in Majuli: মৰ্মান্তিক দুৰ্ঘটনাক কেন্দ্ৰ কৰি শোকাৰ্ত পৰিৱেশ মাজুলীৰ যোৰবিলত
TAGGED:
Road Accident in Majuli