ETV Bharat / state

প্ৰতিদিনে ১ লাখ ৪০ হাজাৰ লিটাৰ গাখীৰ বিক্ৰী কৰাৰ লক্ষ্য দুগ্ধ সমবায় পূৰবী ডেইৰীৰ - PURBI DAIRY

ভোগৰ বতৰত দৈনিক বিক্ৰী হৈছে ১ লাখ ৫৭ হাজাৰ লিটাৰ দৈ, ক্ৰীম, গাখীৰ । প্ৰাক-মাঘ বিহু উদযাপন কৰি জনালে পূৰবী ডেইৰীৰ কৰ্তৃপক্ষই ।

Dairy cooperative Purbi Dairy aims to sell 1 lakh 40 thousand litres of milk per day
লাখে লাখে বিক্ৰী হৈছে গাখীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 8:18 PM IST

গুৱাহাটী: ভোগালী বিহুলৈ মাজত মাথো এটা দিন বাকী । বিহুক লৈ ৰাজ্যজুৰি প্ৰস্তুতি তুংগত উঠিছে । পিঠা ,লাড়ু, জলপান, দৈ, ক্ৰীমেৰে বিহুৰ বজাৰ ভৰি পৰিছে । প্ৰতি দিনে ১ লাখ ৪০ হাজাৰ লিটাৰ গাখীৰ বিক্ৰী কৰাৰ লক্ষ্য লৈছে দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে । ১০ পৰা ১৪ জানুৱাৰীলৈ প্ৰতি দিনে ১ লাখ ৪০ হাজাৰ লিটাৰ গাখীৰ, দৈ, ক্ৰীম বিক্ৰীৰ লক্ষ্য লৈছে । এই কথা পূৰবী ডেইৰীৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে ।

তেওঁলোকে জনোৱা অনুসৰি, শুকুৰবাৰে ১ লাখ ৫৭ হাজাৰ লিটাৰ দৈ ক্ৰীম , গাখীৰ বিক্ৰী হৈছে । আজিৰ দিনটোত ১ লাখ ৭৫ হাজাৰ লিটাৰ বিক্ৰী হোৱাৰ সম্ভাৱনা আছে । কাইলৈ ২ লাখ লিটাৰ গাখীৰ, দৈ, ক্ৰীম বিক্ৰী হোৱাৰ সম্ভাৱনা আছে । বিগত বৰ্ষৰ তুলনাত আজিৰ দিনটোত ৫০% দৈ, ক্ৰীম, গাখীৰ বিক্ৰী বৃদ্ধি পাইছে । শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অত্যাধুনিক দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পত প্ৰাক-মাঘ বিহু উদযাপন কৰি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এই কথা ।

লাখে লাখে বিক্ৰী হৈছে গাখীৰ (ETV Bharat Assam)

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (আমুল) ৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই ৰাজ্যৰ দুগ্ধ ভিত্তিক অর্থনীতি শক্তিশালী কৰাত সহায়ক হোৱা দুগ্ধ সমবায়খনৰ বিভিন্ন পদক্ষেপৰ বিষয়ে সাংবাদিকক অৱগত কৰি কয়,"কৃষক সৱলীকৰণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত পূৰবী ডেইৰীয়ে অগ্রণী ভূমিকা পালন কৰি আছে । গাখীৰৰ উৎপাদন বৃদ্ধি, গো-পালকক উচিত মূল্য আৰু গ্রাহকক মানসম্পন্ন দুগ্ধজাত সামগ্রী যোগান ধৰাৰ বাবে অহৰহ কাম কৰি আছোঁ ।"

তেওঁ লগতে কয়,"আমাৰ লক্ষ্য হৈছে অসমত স্বাৱলম্বী দুগ্ধ উদ্যোগ গঢ়ি তোলা । দুগ্ধ খণ্ডৰ উত্থানৰ হকে ১০ জানুৱাৰীৰ কেবিনেটত গ্রহণ কৰা গুৰুত্বপূর্ণ সিদ্ধান্তৰ বাবে তেওঁ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।" উল্লেখ্য যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অসম কেবিনেট বৈঠকত ৰাজ্যৰ দুগ্ধ খণ্ডৰ সৈতে জড়িত কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ।

বৈঠকৰ অন্তত মুখ্যমন্ত্রী শৰ্মাই কয় যে যোৰহাট আৰু ডিব্ৰুগড়ত প্রতিদিনে এক লাখ লিটাৰ ক্ষমতাসম্পন্ন ১৫০ কোটি টকা মূল্যৰ দুটা নতুন গাখীৰ প্রক্রিয়াকৰণ প্লাণ্টৰ বাবে অনুমোদন দিয়া হৈছে । লগতে আগন্তুক দিনত ধেমাজি আৰু কাছাৰতো অনুৰূপ দুটা উদ্যোগৰ পৰিকল্পনা কৰা হৈছে ।

ৰাজ্যৰ হাজাৰোধিক দুগ্ধ উৎপাদকৰ জীৱিকা বৃদ্ধিৰ উদ্দেশ্যে অসম কেবিনেটে সমবায় সমিতিৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্রী বিক্রী কৰা দুগ্ধ উৎপাদকসকলৰ বাবে ডাইৰেক্ট বেনিফিট ট্রান্সফাৰ (ডিবিটি)ৰ জৰিয়তে প্রতি লিটাৰত ৫ টকাকৈ বৰঙণি প্ৰদানৰ বাবে অনুমোদন জনায় । এই পদক্ষেপে পূৰবী (ৱামুল আৰু য়ামুল) ৰ দৰে দুগ্ধ সমবায়ৰ সৈতে জড়িত কৃষকসকলক লাভান্বিত কৰিব ।

লগতে পঢ়ক: মহানগৰবাসীয়ে পাহৰিলে নেকি ভোগালীৰ ভোগৰ ৰন্ধন প্ৰকৰণ ? - BHOGALI BIHU 2025

লক্ষ্য ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ; প্ৰস্তুতি আৰম্ভ - JHUMUR WORLD RECORD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.