ETV Bharat / state

বাপুজীৰ সান্নিধ্য লাভ কৰা মুক্তিযোদ্ধা সত্যলতা গগৈৰ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন - FREEDOM FIGHTER SATYALATA GOGOI

মুক্তিযোদ্ধা সত্যলতা গগৈক ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় । ১০৪ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত সত্যলতা গগৈৰ ঘটে দেহাৱসান ।

Freedom fighter Satyalata Gogoi pays tribute with state honours
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন মুক্তিযোদ্ধা সত্যলতা গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 8:16 PM IST

Updated : Jan 11, 2025, 9:39 PM IST

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ মুক্তিযোদ্ধা সত্যলতা গগৈয়ে নিজা বাসগৃহত আজি শেষ নিশ্বাস ত্যাগ কৰে । এশ চাৰি বছৰীয়া আইতা সত্যলতা গগৈ বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটাত বহু গুণমুগ্ধই শোক প্ৰকাশ কৰে । আইতাৰ নশ্বৰদেহ গুণমুগ্ধ ৰাইজে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে নিজা বাসগৃহৰ পৰা ফিল'বাৰী তিনিআলিলৈ সমদল বাহিৰ কৰে আৰু ফিল’বাৰী অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠান দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ লগতে আন আন বিষয়াগৰাকীৰ উপস্থিতিত মুক্তিযোদ্ধাগৰাকীৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় । আইতাৰ শেষ নিশ্বাস ত্যাগ কৰা খবৰ পাই ডুমডুমা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাই ততালিকে গুৱাহাটীৰ পৰা আহি উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন মুক্তিযোদ্ধা সত্যলতা গগৈৰ (ETV Bharat Assam)

১৯২১ চনৰ ২৮ মে’ তাৰিখে শিৱসাগৰৰ নিতাইপুখুৰীত জন্ম গ্ৰহণ কৰা আইতাই সেই সময়ত স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য অৰ্জন কৰিছিল । স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তিখেশ্বৰ বৰগোঁহাই, উমাকান্ত ৰাজা, বুধিন্দ্ৰ ৰাজখনিকৰ, সোমেশ্বৰ কাকতি দৰে বহুকেইজন সংগ্ৰামীৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ।

উল্লেখযোগ্য যে, আইতাৰ প্ৰয়াত স্বামী নবীন গগৈও স্বাধীনতা আন্দোলনৰ এগৰাকী সেনানী আছিল । বৰ্তমান তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ গাভৰুভেটিত বসবাস কৰা আইতাই ২০১১ চনত সমগ্ৰ দেশত আন্না হাজাৰীয়ে গঢ়ি তোলা দূৰ্নীতিবিৰোধী আন্দোলনৰ তেৰ দিনীয়া অনশন কাৰ্যসূচীতো ভাগ লৈছিল ।

লগতে পঢ়ক: বিদূষী মহিলা, আজীৱন শিক্ষাব্ৰতী কল্যাণী দেৱীৰ মৃত্যুত ডিব্ৰুগড়ত শোকৰ ছাঁ - KALYANI DEVI DIES

ৰূপৰ অলংকাৰত হলমাৰ্ক; আনন্দিত অসমৰ স্বৰ্ণ শিল্পী - HALLMARKING FOR SILVER

Last Updated : Jan 11, 2025, 9:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.