Nalbari Bihu Workshop: নলবাৰীৰ বৰতলাত প্ৰসিদ্ধ বিহুৱা জয়ন্ত সোণোৱালে নচুৱালে নাচনীক

By

Published : Apr 8, 2023, 6:08 PM IST

thumbnail

নলবাৰী, ৮ এপ্ৰিল : ৬ দিনৰ অন্তত অৰ্থাৎ শুকুৰবাৰে সাৰমণি পৰে নলবাৰীৰ বৰতলাত বৰতলা যুৱ মঞ্চৰ উদ্যোগত আয়োজিত বিহুৰ কৰ্মশালাখনি (Concluded Nalbari Bihu Workshop 2023) ৷ উক্ত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ছবি পৰিচালক বিমান বৰুৱা আৰু জনপ্ৰিয় বিহুৱা জয়ন্ত সোণোৱাল ৷ বৰতলা যুৱ মঞ্চৰ আমন্ত্ৰিত এই অতিথিদ্বয়ে বিহু গীত গাই নচুৱালে প্ৰশিক্ষাৰ্থীসকলক ৷

উল্লেখ্য যে, বাপতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাথোঁ কেইটামান দিন বাকী (Rangali Bihu 2023)। ঢোল, পেঁপা- গগণাৰ মাতত ৰজনজনাইছে এতিয়া সমগ্ৰ ৰাজ্য । ৰাজ্যবাসীয়েও ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ৷ আনকি ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা ।

ইয়াৰে সমান্তৰালকৈ নলবাৰীৰ বৰতলাতো ৬ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল বিহুনাচৰ কৰ্মশালা (Bihu Workshop 2023)। এই কৰ্মশালাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । ইফালে আগন্তুক ১৪ এপ্ৰিলত বিশ্ব অভিলেখৰ বাবে সৰুসজাইত হ’বলগীয়া বিহুৰ অনুষ্ঠানৰ বাববে সাজু হৈছে এক্সপাৰ্ট কমিটিও ৷ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে অনুষ্ঠানটোৰ কমিটিখনৰ সদস্য জয়ন্ত সোণোৱালে ।

লগতে পঢ়ক : Traditional Assamese Gamocha : পাৱাৰ লুমৰ গামোচা নিষিদ্ধকৰণৰ পাচতে দাম বৃদ্ধি থলুৱা গামোছাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.