Community wedding: মহানগৰীত সমূহীয়া বিয়া, মণ্ডপত বহিল ২৫ যোৰা দৰা-কইনা - সমূহীয়া বিবাহ অনুষ্ঠান
🎬 Watch Now: Feature Video
গুৱাহাটী, ১১ মে’: ফেয়াৰীটেল চছাইটিৰ আৰু সহায় অসমৰ উদ্যোগত বৃহস্পতিবাৰে সমূহীয়া বিবাহ অনুষ্ঠান অনুষ্ঠিত হয় (Community wedding in Guwahati)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫ যোৰা পাত্ৰ-পাত্ৰীয়ে একেলগে বহে বিবাহত । বৃহস্পতিবাৰে মহানগৰীৰ লালমাটি দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰত সম্পন্ন হৈ যায় এই সমূহীয়া বিবাহৰ অনুষ্ঠান (25 pairs of brides and grooms sit in pandal)। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাত্ৰ-পাত্ৰীয়ে হোমৰ জুইক সাক্ষী কৰি আৰম্ভ কৰে বৈবাহিক জীৱন ।
উল্লেখযোগ্য যে সংস্থাটোৱে বিবাহৰ সমস্ত খৰচ, দৰা-কইনাৰ কাপোৰ গহনা আদিও প্ৰদান কৰে । আৰ্থিক তথা বিভিন্ন কাৰণত বিবাহ কাৰ্য সম্পাদন কৰিব নোৱাৰাসকলৰ বাবে একাংশ পাত্ৰ-পাত্ৰীক ফেয়াৰীটেল চছাইটিয়ে বিবাহ কাৰ্য সম্পাদন কৰি দিয়ে । ফেয়াৰীটেল চছাইটিৰ এই প্ৰথম পদক্ষেপ । সংস্থাটোৰ এই কাৰ্যক সকলোৱে একেমুখে সলাগ লয় । আগন্তুক সময়তো এনেদৰে ফেয়াৰীটেল চছাইটিয়ে এনেদৰে বিবাহ কাৰ্য সম্পন্ন কৰি যাব বুলি জানিবলৈ দিয়ে সংস্থাটোৰ বিষয়ববীয়াই।
লগতে পঢ়ক: Nalbari Murder Case: কেইচপৰা মান মাটিৰ বাবেই যুৱকক হত্যা