CM Himanta on Assam Police: আৰক্ষীৰ পূৰ্বৰ চৰিত্ৰ সলনি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - দাবী ধমকিৰে ধন সংগ্ৰহ
🎬 Watch Now: Feature Video


Published : Sep 1, 2023, 4:56 PM IST
নগাঁও, 1 ছেপ্টেম্বৰ: অসম আৰক্ষীৰ একাংশ বিষয়াই সলনি কৰিব লাগিব পূৰ্বৰ চৰিত্ৰ । এতিয়া আৰু দাবী ধমকিৰে ধন সংগ্ৰহ নচলিব । অন্যথা গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা । এই ক্ষেত্ৰত শীৰ্ষ বিষয়াইয়ো কোনো ধৰণৰ ৰেহাই নাপাব । এই সকীয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
বজালীত আৰক্ষীৰ ধন দাবীক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত অৰ্থনৈতিক অপৰাধ সংক্ৰান্তীয় গোচৰো ইতিমধ্যে ৰুজু হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
বজালীকাণ্ড সন্দৰ্ভত ইতিমধ্যেই CIDক গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ দিয়াৰ কথা শুকুৰবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । CIDয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰাৰ কথা উল্লেখ কৰি গ্ৰেপ্তাৰৰ তালিকা আৰু দীঘলীয়া হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক: CM Himanta Biswa Sarma: ‘এক দেশ এক নিৰ্বাচন’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বলিষ্ঠ পদক্ষেপ