CM at Rahdhala Pothar: ঐতিহাসিক ৰহঢলা পথাৰত দাৱনীৰ সৈতে হাৰিয়াত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ - ঐতিহাসিক ৰহঢলা পথাৰ
🎬 Watch Now: Feature Video
ঐতিহাসিক ৰহঢলা পথাৰত শুকুৰবাৰে প্ৰায় ১০০ গৰাকী দাৱনীৰ সৈতে হাৰিয়া অৰ্থাৎ সামুহিক পথাৰৰ ভোজত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa sarma) । মুখ্যমন্ত্ৰীগৰাকীয়ে তৃপ্তিৰ এসাজ খালে ঐতিহাসিক ৰহঢলা পথাৰত ধান দোৱা দাৱনীৰ লগত । ৰহঢলা পথাৰৰ আলিত বহি ৰবাব টেঙাৰ সোৱাদ লোৱাৰ লগতে বৰালী মাছেৰে ভাতৰ জুতি ল’লে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে শুকুৰবাৰে প্ৰায় ১৫৭৫.৩৯ কোটি টকা আঁচনিৰ পেকেজ লৈ গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গোলাঘাটত ১৪ খন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে তৃপ্তিৰ এসাজ খালে ঐতিহাসিক ৰহঢলা পথাৰত ধান দোৱা দাৱনীৰ লগত(Historic Rahdhala Pathar) ।
Last Updated : Feb 3, 2023, 8:35 PM IST