Footbridge at Fancy Bazaar : মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে ফাঁচীবজাৰৰ পদসেঁতু - Handique Girls College

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 1, 2023, 6:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনটোতে (Himanta Biswa Sarma birthday) উদ্বোধন কৰিলে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ পদসেঁতু (Footbridge at Fancy Bazaar)৷ বুধবাৰে ১৬ কোটি টকা ব্যয় সাপেক্ষে ফাঁচী বজাৰত নিৰ্মাণ কৰা অত্যাধুনিক পদসেঁতুখন উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ পদসেঁতুখন উদ্বোধন কৰি ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় ‘‘নতুনকৈ নিৰ্মাণ কৰা পদসেঁতুখন ৰাইজৰ সেৱাত উৎসৰ্গা কৰি আনন্দিত হৈছোঁ ৷ এই সেঁতুখন জনসাধাৰণৰ ব্যৱহাৰৰ বাবে মুকলি হোৱাৰ লগেলগে ইয়াৰ ফলত বাহনসমূহৰ সুচল চলাচল আৰু পথচাৰীসকলৰ সুবিধা হ’ব ৷ এই সেঁতুখন আমাৰ চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা গুৱাহাটীৰ সপ্তম পদপথ সেঁতু’’ ৷

তেওঁ কেইবাটাও গুৱাহাটীৰ বাবে নতুন প্ৰকল্প ঘোষণা কৰি কয় যে পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ ASTC স্থানত আৰু এখন পদপথ সেঁতু নিৰ্মাণ কৰা হ’ব (Footbridge at Paltan Bazaar) ৷ আনহাতে মালিগাঁও, জু-ৰোডৰ উৰণীয়া সেঁতু এই বছৰত মুকলি হ’ব ৷ ৬৬ শতাংশ কাম শেষ হৈছে গুৱাহাটী উত্তৰ সংযোগী দলঙৰ কাম ৷

বামুনী মৈদানৰ পৰা সন্দিকৈ মহাবিদ্যালয়লৈ (Handique Girls College) উৰণীয়া সেঁতু নিৰ্মাণৰ কাম এই বছৰত কাম আৰম্ভ হ’ব ৷  ইপিনে ডাউন টাউন, ৰাজীৱ ভৱন, ভৰলুমুখ, ফটাশিল চাৰিআলি আৰু ৰাণী কইনাধৰা পথৰ হাতীৰ কৰিড’ৰৰ বাবে উৰণীয়া সেঁতু নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে ৷ অহা দুই আঢ়ৈ বছৰৰ ভিতৰত এই প্ৰকল্পবোৰ সম্পূৰ্ণ হ’ব ৷

এই উৰণীয়া সেঁতু কেইখন নিৰ্মাণ হ’লে অহা ১৫-২০ বছৰলৈ যান-জঁট কমি যাব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে লোকনিৰ্মাণ বিভাগৰ অধীনত ঠিকাদাৰ অনিল দাসৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে পদসেঁতুখন ৷ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত থাকে ৷

লগতে পঢ়ক : G20 Summit Explained: কি এই G20 সন্মিলন ?

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.