তিনিচুকীয়াত গল্ডেন কাপৰ চূড়ান্ত প্ৰতিযোগিতা উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ - footbal match tinsukia
🎬 Watch Now: Feature Video
Published : Dec 1, 2023, 10:50 PM IST
তিনিচুকীয়া, 1 ডিচেম্বৰ : আজি সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে আয়োজন কৰা গল্ডেন কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ শুভ উদ্বোধন কৰে ৷ ডিব্ৰুগড় ফুটবল দল আৰু চিৰাং ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা খেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপস্থিত দৰ্শকৰ কাষলৈ গৈ কিছু বাৰ্তালাপ কৰে ৷
চূড়ান্ত খেলাখনত ডিব্ৰুগড় আৰু চিৰাঙৰ দুয়োটা দলে ২-২ গ’ল দিয়াত পৰৱৰ্তী সময়ত ট্ৰাইবেকাৰত ৫-৬ গ’ল ডিব্ৰুগড়ৰ দলটোৱে জয়ী হ’বলৈ সক্ষম হয়৷ হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত চূড়ান্ত খেলখনত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ক্ৰমে মন্ত্ৰী নন্দিতা গাৰ্লোছা, ৰণজিত কুমাৰ দাস, যোগেন মোহন, চন্দ্ৰমোহন পাটোৱাৰী, সঞ্জয় কিষাণ, বিধায়কসকল ক্ৰমে সুৰেণ ফুকন, ভাস্কৰ শৰ্মা, ৰূপেশ গোৱালাৰ উপৰিও কেবাগৰাকীও বিভাগীয় বিষয়া ৷
লগতে পঢ়ক : কাজিৰঙাত হ’ব টাটাৰ তাজ হোটেল; কেবিনেটে আৰু কি সিদ্ধান্ত ল’লে ?