thumbnail

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 6:43 PM IST

ETV Bharat / Videos

Microfinance Loan Relief Assam : মুখ্যমন্ত্ৰীয়ে হাত দাঙিলে, মাইক্ৰ'ফাইনেন্সৰ ঋণ নল'বলৈ আহ্বান মহিলাসকলক

ডিব্ৰুগড়, 16 অক্টোবৰ : মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা হৈ পৰিছিল সৰ্বস্বান্ত । মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ উপায়ন্তৰ হোৱা মহিলাসকলে ঋণ ৰেহাইৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে প্ৰতিবাদো কৰিছিল । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰিছিল । সমাগত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যৰ হাজাৰ হাজাৰ ঋণগ্ৰস্ত মহিলাৰ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চলাবলৈ মুখ্যমন্ত্ৰীয়ে কোটি কোটি টকা ঋণ লৈছে যদিও মহিলাৰ ঋণ মাফ কৰাৰ বাবে চেষ্টা চলাই হাজাৰ হাজাৰ মহিলাৰ শলাগৰ পাত্ৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । আজি ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে হাত দাঙি দিলে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি ঋণ ৰেহাই দিছো । আজিৰে পৰা আকৌ মাইক্ৰ'ফাইনেন্সৰ ঋণ নল'ব । যদি লয় মই পলাব লাগিব । ২৪ টকা শতকৰা হাৰত ঋণ প্ৰদান কৰি ৰাজ্যত মাইক্ৰ'ফাইনেন্সে মহিলাসকলক লুটি আছিল । যাৰ বাবে মহিলাসকলে ঋণ ঘূৰাই দিব পৰা নাছিল । আপোনাৰ লৰা ছোৱালীয়ে বেংকৰ পৰা লোণ লোৱাৰ ক্ষেত্ৰত যাতে কোনো সমস্যাত নপৰে তাৰ বাবে বহু কষ্ট কৰি সমগ্ৰ অসমতে ১২ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰি দিয়া হৈছে ।’’

লগতে পঢ়ক: Microfinance Relief scheme: মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি কিয় দিছিল মুখ্যমন্ত্ৰীয়ে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.