পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ বাট মুকলি হ’ল : মুখ্যমন্ত্ৰী - Assam ULFA Agreement
🎬 Watch Now: Feature Video


Published : Dec 29, 2023, 7:20 PM IST
নিউজ ডেস্ক, 29 ডিচেম্বৰ : শুকুৰবাৰে নতুন দিল্লীত আলফা, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিত শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী মোদী আৰু অসমবাসী ৰাইজক ধন্যবাদ জনায় হিমন্ত বিশ্ব শৰ্মাই ৷ আজি অসমবাসীৰ বাবে এক ঐতিহাসিক দিন বুলি মন্তব্য কৰি ড৹ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত গৃহমন্ত্ৰী অমিত শ্বাহৰ মাৰ্গদৰ্শনত অসমৰ শান্ত্ৰিৰ প্ৰক্ৰিয়া নিৰন্তৰভাৱে চলি আছে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ আশীৰ্বাদ আমাৰ লগত আছে ৷
চুক্তি সম্পন্ন হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলফা-চৰকাৰৰ শান্তিচুক্তি শ্বাক্ষৰিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিৰ জৰিয়তে অসমৰ উন্নয়নৰ বাবে 150 লাখ কোটি টকাৰ পেকেজ গ্ৰহণ কৰা হৈছে ৷
আজি স্বাক্ষৰিত শান্তিচুক্তিৰ পাছতে পৰেশ বৰুৱাৰ সৈতেও আলোচনাৰ বাট মুকলি হ’ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ শুকুৰবাৰে স্বাক্ষৰিত শান্তিচুক্তিৰ জৰিয়তে আলফাৰ যুৱক-যুৱতীসকলক সংস্থাপন দিয়া হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
তদুপৰি তেওঁ কয় যে অসম চুক্তিৰ প্ৰায়কেইটা দফাই আলফা-চৰকাৰৰ শান্তিচুক্তিত সামৰি লোৱা হৈছে ৷ এই শান্তিচুক্তিৰ জৰিয়তে অসমত নতুন ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰস্তাৱ লোৱা হৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক: সুনিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী হ’ব শান্তিচুক্তি: অমিত শ্বাহ