thumbnail

By

Published : Feb 3, 2023, 5:59 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

ETV Bharat / Videos

8th Missing Youth Festival: গোগামুখত TMPK ৰ সোণালী জয়ন্তী যুৱ মহোৎসৱ

ধেমাজি,৩ ফ্ৰেব্ৰুৱাৰী: বৃহস্পতিবাৰৰ পৰা ধেমাজি জিলাৰ গোগামুখ নাহৰবাৰীৰ চুমনি পথাৰত অনুষ্ঠিত হৈছে সদৌ মিছিং ছাত্ৰ সন্থাৰ(TMPK) ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিছিং যুৱ মহোৎসৱ(Closing Ceremony of TMPK Golden Jubilee Year) ৷ বিশ সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে চুমনি পথাৰত । 

আজি সদৌ মিছিং ছাত্ৰ সন্থাৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তথা অষ্টম মিছিং যুৱ মহোৎসৱৰ দ্বিতীয়টো দিন(8th Missing Youth Festival) । দ্বিতীয়টো দিনত এক উৎসৱমুখৰ পৰিৱেশত শুকুৰবাৰে সদৌ মিছিং ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি ৰাজকুমাৰ মৰাঙে(2nd day of 8th Missing Youth Festival) ৷ সমান্তৰালভাৱে যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে মিচিং যুৱ মহোৎসৱৰ সভাপতি একলব্য গামে ৷ 

এন চি চি কেডাৰ আৰু সদৌ মিছিং ছাত্ৰ সন্থাৰ(Takam Mising Porin Kebang) শতাধিক কেডাৰে অভিবাদন জনোৱাৰ পিছতে দুয়োজন পতাকা উত্তোলকে প্ৰদান কৰে বহুমূলীয়া ভাষণ(TMPK conference at Gogamukh) ।পতাকা উত্তোলকদ্বয়ে নিজা ভাষণ প্ৰসংগত মিচিং জাতিৰ উন্নয়নৰ স্বাৰ্থত দুই সংগঠনৰ ভূমিকা উল্লেখনীয় বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে প্ৰায় গোগামুখ নাহৰনিৰ প্ৰায় ২০০ বিঘা ভূমি সামৰি লোৱা বিশাল ক্ষেত্ৰত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজ আৰু দল-সংগঠনৰ অভূতপূৰ্ব সঁহাৰিত সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎৱে প্ৰাণ পাই উঠিছে ৷ 

প্ৰায় বিশ হাজাৰ বাঁহ-বেতৰ বিভিন্ন কাৰুকাৰ্য খচিত মিচিং, আদী আৰু গাল’ সম্প্ৰদায়ৰ চাংঘৰ, মিচিং মৃৰং ঘৰ বিশাল মূল মঞ্চ, মূল মণ্ডপে দৃষ্টি আকৰ্ষণ কৰা অধিবেশনৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, বিজ্ঞানী চনাম ৱাংচু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্ববৃন্দই অংশগ্ৰহণ কৰিব ৷ লক্ষ্যণীয় যে এই অধিৱেশন আৰু যুৱ মহোৎসৱত ২০ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷ 

লগতে পঢ়ক: Blood Bank Scam: বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ব্লাড বেংকত দালালৰাজ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.