Magnanimity of class VIII students: অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে যক্ষ্মা ৰোগীলৈ আগবঢ়ালে ছয় মাহৰ খাদ্যৰ টোপোলা - যক্ষ্মা ৰোগীলৈ আগবঢ়ালে ছয় মাহৰ খাদ্যৰ টোপোলা
🎬 Watch Now: Feature Video
Published : Sep 14, 2023, 7:38 PM IST
তিনিচুকীয়া,১৪ ছেপ্টেম্বৰ: চাবুৱা মন্টফৰ্ট বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী স্বস্তিকা চেতিয়াই এটকা দুটকাকৈ সাঁচি ৰখা নিজৰ সাঁচতীয়া ধনেৰে এগৰাকী যক্ষ্মা ৰোগীলৈ আগবঢ়ালে ছয় মাহৰ বাবে খাদ্যৰ টোপোলা ৷ যাৰ বাবে বুধবাৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্ত স্বাস্থ্য বিভাগৰ চিন্ময় পাঠকে এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰাৰ লগতে এখনি চেলেঙেৰে সম্বৰ্ধনা জনাই স্বস্তিকাক ৷
প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত সৰ্বমুঠ পাঁচগৰাকী নিক্ষয় মিত্ৰক তিনিচুকীয়া জিলা স্বাস্থ্যবিভাগে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সভাগৃহত বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ তৰফৰ পৰা নিক্ষয় মিত্ৰ হিচাপে এই সম্বৰ্ধনা প্ৰদান কৰা হয় ৷ সম্বৰ্দ্ধিত ব্যক্তিসকলৰ ভিতৰত আছিল শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া, অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জি এছ গগৈ, তিনিচুকীয়া IMA ৰ ডাঃ ৰবীন চেতিয়া, ডাঃ ৰশ্মিতা উপাধ্যায় আৰু স্বস্তিকা চেতিয়া ৷