thumbnail

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:00 AM IST

ETV Bharat / Videos

কৰিমগঞ্জত ছাত্ৰীবাসৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

কৰিমগঞ্জ, 11 জানুৱাৰী : কৰিমগঞ্জ নিলাম বজাৰত বুধবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ছোৱালীৰ ছাত্ৰীবাসৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ । প্ৰথমতে, মঙলবাৰে পুৱাৰ ভাগত হোষ্টেলৰ দায়িত্বত থকা ৱাৰ্ডেনে ছাত্ৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷

তাৰ পাচতে এই ঘটনাৰ সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ এই খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাস । পৰৱৰ্তী সময়ত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাস আৰু স্থানীয় দণ্ডাধীশ তথা নিলাম বজাৰ চক্ৰ বিষয়া ছাদ্দাদ হুছেইনৰ উপস্থিতিত ছাত্ৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ।

ইফালে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ চিপ লৈ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা ঘটনাই নানা প্ৰশ্নৰ উদয় হৈছে । আচলতে কি হৈছিল, কিয় ছাত্ৰীগৰাকীয়ে এই পন্থা বাচি ল’লে সেয়া আৰক্ষীৰ তদন্তৰ অন্ততৰ অন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : বৰতাল বজাই আজি নিৰ্বাচনী ৰণডংকা বজালে জে পি নাড্ডাই : ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.