SI Junmoni Rabha Accident Case: জোনমণিৰ মৃতদেহ প্ৰত্যক্ষ কৰা এম্বুলেঞ্চ চালকৰ বিস্ফোৰক মন্তব্য - জোনমণি ৰাভাৰ মৃত্যু
🎬 Watch Now: Feature Video
নগাঁও, 18 মে’: ৰাজ্যজুৰি মৰিকলং আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে (SI Junmoni Rabha Accident Case)৷ বৃহস্পতিবাৰে জখলাবন্ধা থানাত পুনৰ উপস্থিত হৈছে চি আই ডিৰ তদন্তকাৰী দল (CID Team at Jakhalabandha police thana)৷ জোনমণি ৰাভাৰ দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ বাবে উপস্থিত হৈছে চি আই ডিৰ তদন্তকাৰী বিষয়া ধ্ৰুৱ বৰা ৷ ইতিমধ্যে জোনমণি ৰাভাৰ আকস্মিক মৃত্যুৰ পিচতে নগাঁও আৰক্ষীৰ অতিথিশালাত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা, মৰিকলং থানাৰ 5 গৰাকী কনিষ্টবল আৰু নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীক জেৰা অব্যাহত ৰখা হৈছে (Junmoni Rabha mysterious death)৷
ইফালে জোনমনিৰ মৃতদেহ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰৰ পাচত এম্বুলেঞ্চত লৈ অহা চালকে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে ৷ চালকজনে কোৱা অনুসৰি, গাড়ীখনৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল জোনমণিক ৷ এখন ভৰিতহে জোতা পিন্ধি আছিল জোনমণিয়ে ৷ জোনমণিৰ কঁপালত আঘাতৰ উপৰিও ভৰিতো আঘাত প্ৰত্যক্ষ কৰা বুলি সদৰী কৰে চালকজনে ৷
লগতে পঢ়ক: FIR against Jonmani Rabha: মৃত্যুৰ পূৰ্বে জোনমণিৰ বিৰুদ্ধে ৰুজু হৈছিল যুৱকক নিৰ্যাতনৰ গোচৰ