HSLC question paper leak: লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত CIDৰ অভিযান
🎬 Watch Now: Feature Video
মাজুলী, 18 মাৰ্চ: লখিমপুৰৰ লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত CIDৰ অভিযান ৷ CIDৰ এটা 8 জনীয়া দল প্ৰশ্নকাকত ফাদিলকাণ্ডৰ তদন্তৰ বাবে উপস্থিত হয় বিদ্যালয়খনত ৷ উল্লেখ্য যে, লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ দত্তই ফাদিল কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ৷ বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰণৱ দত্তক আটক কৰাৰ পাচতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা (Prime accuse of HSLC question paper leak) ৷
প্ৰশ্নকাকত ফাদিল কৰাৰ কথা প্ৰণৱ দত্তই স্বীকাৰ কৰাৰ পাচতেই গ্ৰেপ্তাৰ কৰে CIDয়ে ৷ ইফালে, শুকুৰবাৰে আত্মসমৰ্পণ কৰে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা আন এগৰাকী শিক্ষক কুমুদ ৰাজখোৱাই ৷ আনহাতে প্ৰণৱ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বাতিল কৰা হৈছিল 18 মাৰ্চত অনুষ্ঠিত হ’ব লগা অসমীয়া বিষয়ৰ পৰীক্ষা (HSLC exam paper leak) ৷
লগতে পঢ়ক: HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ