OIL smuggling in Assam : চোৰাং তেলৰ সন্ধানত RCD ত CIB ৰ অভিযান - latest crime news
🎬 Watch Now: Feature Video


Published : Oct 29, 2023, 1:40 PM IST
বঙাইগাঁও, 29 অক্টোবৰ : চুৰি তেলৰ সন্ধানত অব্যাহত আৰক্ষীৰ মাৰাথন অভিযান ৷ দেওবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে এই অভিযান ৷ নিশা ৰে’ল বিভাগৰ আৰচিডি লৈ কঢ়িয়াই অনা টেংকাৰত তেল চুৰি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰে’ল বিভাগে আৰু ইয়াৰ পিচতেই আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।
তেল চুৰি হোৱা টেংকাৰখন জব্দ কৰিছে Central Investigation Bureau তথা অপৰাধ চোৰাংচোৱা বিভাগে ৷ টেংকাৰখনৰ নম্বৰ NL01N7273 ৷ চোৰাংচোৱাৰ দলটোৱে দীৰ্ঘ সময় ধৰি ডিপোটোত অভিযান চলাই আছে । অভিযানকালত সংবাদ মাধ্যমৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে ৷ আনহাতে, ৰে’ল বিভাগৰ বহু ৰৌ-বৰালী জালত পৰাৰ আশংকা কৰা হৈছে ।
দেওবাৰে পুৱা প্ৰায় 6 বজাৰ পৰা আৰম্ভ হোৱা এই অভিযান কেবাঘণ্টা জুৰি অব্যাহত আছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: NHRC to JMCH : মৃত নৱজাতকৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য প্ৰদানৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ