জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Police detained protesters

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 25, 2022, 9:48 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ। অসমৰ ছয় জনগোষ্ঠীয়ে বহু বছৰ ধৰি প্ৰতিবাদ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাক লৈ আজি চৰাইদেউ জিলাৰ সোণাৰিত চুতিয়া ছাত্ৰ সন্থাই জোঁৰ সমদলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Chutia Student Union protest in Sonari) । সোণাৰিৰ ৰাজপথত সংগঠনটোৱে উলিওৱা জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু ইয়াৰ পাছতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ বাকযুদ্ধৰ (Chutia demands ST status) । ইয়াৰ পাছতে মহিলাসহ কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে (Police detained protesters) ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.