সত্ৰপীঠ মাজুলীত কেৰলৰ ধ্বনি - গীৰ্জা
🎬 Watch Now: Feature Video


Published : Dec 23, 2023, 9:11 PM IST
মাজুলী, 23 ডিচেম্বৰ : ৩৩ কোটি দেৱী-দেৱতাক পূজা পাতল কৰি সন্তুষ্টি লাভ নকৰা মহিলা এগৰাকীয়ে সলসলীয়াকৈ সাংবাদিকৰ আগত গাই গ’ল যীশুৰ গুণগান ৷ মহিলাগৰাকীৰ ঘৰ মাজুলীত ৷
বৰদিনলৈ মাজত মাথো এটা দিন । এটা দিন বাকী থকা অৱস্থাত অসমৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহত চলিছে বৰদিনৰ ব্যাপক প্ৰস্তুতি । সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰপীঠ মাজুলীৰ ৬৫ টা গীৰ্জাতো চলিছে বৰদিনৰ ব্যাপক প্ৰস্তুতি । আগতকৈ বহু সলনি হ’ল মাজুলীৰ পৰিৱেশ ৷ চলিত বছৰটোতে আগতে নোহোৱা বহুত ঘটনা হ’ল মাজুলীত ৷ যেনে এইবছৰ মাজুলীত ধুমধামেৰে পালন হ’ল মহালয়া ৷ মাজুলীৰ মহালয়াই ভালেখিনি সময়ধৰি দখল কৰি থাকিলে বাতৰিৰ শিৰোনাম ৷ এতিয়া সত্ৰপীঠ মাজুলীত বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে বৰদিনৰ উৎসাহ ৷ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জেংৰাইমুখৰ গীৰ্জা ৷ সজাই পৰাই তোলা হৈছে মাজুলীৰ গীৰ্জাসমূহ । এক কথাত ক’বলৈ গ’লে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলীৰ গীৰ্জাসমূহ ৷
লগতে পঢ়ক : ইজৰাইল-হামাছ যুদ্ধৰ ছাঁয়াত বেথলেহামত পবিত্ৰ বৰদিনৰ প্ৰস্তুতি