চিৰাঙত মেজি জ্বলাই ভোগালীৰ দোমাহী উদযাপন বিধায়ক জয়ন্ত বসুমতাৰীৰ - Chirang Bhogali bihu meji burnt
🎬 Watch Now: Feature Video


Published : Jan 16, 2024, 9:36 PM IST
চিৰাং, ১৬ জানুৱাৰী : চিৰাঙৰ টাঙাবাৰী মইনাগুৰি পথাৰত সম্পন্ন হয় ভোগালীৰ মেজি জ্বলোৱা কাৰ্যসূচী । চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে আয়োজন কৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীৰ মাতৃৰ লগতে গাঁৱৰ মুৰব্বীসকলে । উল্লেখ্য যে চিৰাং জিলাত অসমীয়াৰ অতিকে আদৰৰ এই ভোগালী বিহুৰ মেজি জ্বলোৱা বিজনী মহকুমা অঞ্চলত থাকিলেও কাজলগাঁও মহকুমাত তেনেই নগণ্য ।
যাৰ বাবে চিদলীৰ বিধায়কগৰাকীয়ে নিজে উদ্যোগ লৈ ৰাইজৰ সহযোগত নিজৰ গাঁৱতে এইদৰে মেজি জ্বলোৱাৰ ব্যৱস্থা কৰে যাতে হেৰাই যাব ধৰা পৰম্পৰা যুৱ প্ৰজন্মৰ মাজত আকৌ ঠন ধৰি উঠে । মেজি জ্বলোৱা কাৰ্যসূচীৰ লগতে সমূহীয়াভাৱে পিঠা-পনা খোৱা আৰু সমূহীয়া ভোজৰো আয়োজন কৰা বুলি জনায় চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।
উল্লেখ্য যে ভোগালী বিহুক বড়ো জনগোষ্ঠীৰ লোকসকলে দোমাহী বুলি কয় আৰু মেজি জ্বলোৱা কাৰ্যসূচীক বেলাগুৰ ছাউনাই বুলি কোৱা হয় ।
লগতে পঢ়ক :গোনা ম’হৰ যুঁজত কঁপিল মৰিগাঁৱৰ পথাৰ