Childrens Day 2022: শিশু দিৱস উপলক্ষে কলগাছিয়াত উপস্থিত জনপ্ৰিয় অভিনেতা নয়ন নীলিম

By

Published : Nov 14, 2022, 10:18 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail
আজি ১৪ নৱেম্বৰ অৰ্থাৎ শিশু দিৱস (Childrens Day 2022) । শিশু দিৱস উপলক্ষে ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ । গীতে মাতে মুখৰিত আকাশ বতাহ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ বৰপেটা জিলাৰ কলগাছিয়া ইংলিছ একাডেমীতো পালন কৰা হৈছে শিশু দিৱস । দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ (Jawaharlal Nehru) জন্ম দিৱস উপলক্ষে পালন কৰি অহা শিশু দিৱসৰ লগত সংগতি ৰাখি আজি পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱসটি পালন কৰা হয় । আবেলি দুই বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা নয়ন নিলিম (Actor Nayan Nilim) ৷ শিশুসকলৰ উন্নতি সম্পৰ্কে ভাষণ প্ৰদান কৰে অভিনেতাগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.