Children’s Day 2023: গীত-মাতেৰে হোজাইত শিশু দিৱস পালন - নেহৰু খুড়া তথা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 2:27 PM IST

হোজাই, 14 নৱেম্বৰ: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মংগলবাৰ অৰ্থাৎ 14 নৱেম্বৰৰ দিনটোত হোজাইতো পালন কৰা হয় শিশু দিৱস ৷ দিনটোৰ লগত সংগতি ৰাখি হোজাই জিলাৰ লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ 466 নং কালী মন্দিৰ অঙ্গনবাড়ী কেন্দ্ৰতো আয়োজন কৰা হয় শিশু দিৱসৰ ৷ কণ কণ শিশুসকলক নেহৰু খুড়া তথা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ জীৱন-দৰ্শন সম্বন্ধে উল্লেখ কৰে কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে ৷ 

বিভিন্ন খেল-ধেমালিৰে শিশুসকলৰ সৈতে ওমলাৰ লগতে 466 নং কালী মন্দিৰ অঙ্গনবাড়ী কেন্দ্ৰৰ শিক্ষয়িত্ৰী বন্তি গোস্বামীয়ে কণ কণ শিশুসকলৰ মাজত গীত-মাতেৰে ওমলা দেখিবলৈ পোৱা যায় ৷ উল্লেখ কৰা প্ৰয়োজন যে, পণ্ডিত নেহৰুৱে বিশ্বাস কৰিছিল যে শিশু হৈছে দেশৰ ভৱিষ্যত আৰু তেওঁলোকক লালন-পালন কৰিলে দেশৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ হ’ব । সেইবাবেই অঙ্গনবাড়ী কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে শিশুসকলৰ বৌদ্ধিক, মানসিক বিকাশৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰি আহিছে বুলি জনায় ৷

লগতে পঢ়ক: Irrigation scheme: 20 বছৰে বিকল আঁচনি পুনৰুজ্জীৱিত কৰিবলৈ গা লৰিল জলসিঞ্চন বিভাগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.