Child marriage at Sorbhog : বাল্য বিবাহ কৰাবলৈ গৈ দৰা-কাজিসহ গ্ৰেপ্তাৰ 4

By

Published : Jan 27, 2023, 7:18 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰপেটাৰোড, 27 জানুৱাৰী : বাল্য বিবাহ এক সামাজিক ব্যাধি । কিন্তু সামাজিক ব্যাধি হোৱা স্বত্বেও ৰাজ্যত অব্যাহত আছে বাল্য বিবাহৰ দৰে ঘটনা (Child marriage incident increased in Assam) ৷ বৰ্তমান সময়চোৱাতো ৰাজ্যত যথেষ্ট পৰিমাণে বাল্য বিবাহৰ দৰে ঘটনা বৃদ্ধি পোৱা দেখা গৈছে ৷ চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে সৰভোগত পোহৰলৈ আহিছে বাল্য বিবাহৰ আৰু ঘটনা ৷

অভিযোগ অনুসৰি, বৃহস্পতিবাৰে বৰপেটাৰোডৰ সমীপৰ গোৱৰ্দ্ধনাৰ 29 বছৰীয়া দৰা ছানোৱাৰ হুছেইনে সৰভোগৰ এগৰাকী 16 বছৰীয়া কিশোৰীক বিয়া কৰাবলৈ গৈছিল (Child marriage at Sorbhog) ৷ কিন্তু গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সৰভোগ আৰক্ষীয়ে লাভ কৰে এই তথ্য ৷

খবৰ লাভ কৰিয়েই নিশাই উক্ত স্থানত উপস্থিত হয় সৰভোগ আৰক্ষীৰ এটা দল ৷ তাৰ পাচত আৰক্ষীৰ দলটোৱে বাল্যবিবাহৰ ঘটনাত জড়িত থকাৰ অভিযোগত দৰা আৰু কাজীসহ 4 জন লোকক আটক কৰি থানালৈ লৈ যায় ৷ আটকাধীন কেইজন হৈছে দৰা চানোৱাৰ হুছেইন, দৰাৰ পিতৃ চায়েদ আলী, দৰাৰ খুড়াক নুৰ ইছলামৰ লগতে সৰভোগৰ কুৰবাহা গাঁৱৰ কাজি ছানিদুল আলী ৷

আনহাতে, বাতৰি যুগুত কৰা পৰলৈকে কিশোৰীগৰাকীৰ পিতৃ ইদ্ৰিছ আলী পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । ইফালে কিশোৰগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে তেওঁৰ ছোৱালীৰ সৈতে চানোৱাৰ হুছেইনৰ বিয়া হোৱা নাছিল ৷ মাত্ৰ আঙুঠি পিন্ধাই থোৱা পৰ্বটোহে হৈছিল ৷ তেতিয়াই আৰক্ষীয়ে আহি বাধা প্ৰদান কৰিছিল ৷

লগতে কিশোৰীগৰাকীৰ মাতৃয়ে কয় যে, কিছুদিন পূৰ্বে কিশোৰীগৰাকী গাঁৱৰ এখন বিয়াঘৰলৈ গৈছিল ৷ সেই বিয়াঘৰতে চানোৱাৰ হুছেইনৰ সৈতে চিনাকীপৰ্ব হৈছিল ৷ তাৰ পাচতে দুয়ো মাজত কিছু ঘনিষ্ঠা বৃদ্ধি পাইছিল ৷ সেয়ে দুয়োৰে মাজৰ সম্পৰ্কক এটা নামত বান্ধ খোৱাৰ স্বাৰ্থত দুই পৰিয়ালৰ সন্মত্তিত বৃহস্পতিবাৰে আঙুঠি পিন্ধোৱা পৰ্বৰ আয়োজন কৰা হৈছিল ৷

আনহাতে, কিশোৰীগৰাকীৰ মাতৃৰ সম্পূৰ্ণ ওলোটা মন্তব্য প্ৰদান কৰিছে সৰভোগ আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীয়ে ৷ বৃহস্পতিবাৰে আঙুঠি পিন্ধোৱা পৰ্ব নহয়, বৰং বাল্য বিবাহ অনুষ্ঠিত হৈছিল ৷ সেয়ে এই বিবাহস্থলীৰ পৰা দৰাৰ লগতে তেওঁৰ আত্মীয় আৰু কাজিগৰাকীক আটক কৰি পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰ কৰা হয় ৷ বাল্য বিবাহৰ সৈতে জড়িত থকা আটকাধীন চাৰি অভিযুক্তক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷ এই কথা সদৰী কৰিছে সৰভোগ আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীয়ে ৷ উল্লেখ্য যে, বাল্য বিবাহ হোৱা কিশোৰীগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী ৷ ছাত্ৰীগৰাকীয়ে এইবেলি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷

লগতে পঢ়ক : Child marriage in Sootea: স্থানীয় লোকৰ তৎপৰতাত আধাতে সামৰণি পৰিল এখন বাল্য বিবাহ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.