drowns to death: চিলাপথাৰত এটি পাঁচ বছৰীয়া শিশুৰ সলিল সমাধি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 10:55 PM IST

জোনাই, 23 আগষ্ট: চিলাপথাৰত এটি পাঁচ বছৰীয়া শিশুৰ নদীত গা ধুবলৈ গৈ ঘটিল সলিল সমাধি । জানিব পৰা মতে চিলাপথাৰ চিলি ব্ৰিজবাৰী গাঁৱৰ নিবাসী বিনোদ লিম্বুৰ কন্যা আইচা লিম্বুয়ে নদীত গা ধুবলৈ গৈ মৃত্যু আঁকোৱালি লয় ৷

আইচা লিম্বু ডিমৌ ডাইমণ্ড স্কুলৰ L.KG ৰ ছাত্ৰী আছিল ৷  পাঁচ বছৰীয়া আইচাই মঙলবাৰে আবেলি পৰত বিদ্যালয়ৰ পৰা উভতি আহি অন্য দিনাৰ দৰেই কাষতে থকা এখন সৰু নৈত লগৰীয়াৰ সৈতে গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লয় ৷ ঘটনাৰ প্ৰায় আধা ঘন্টাৰ পিচত কিছু দূৰত্বত মৃত অৱস্থাত উদ্ধাৰ কৰে শিশুটিক ৷

কনমাণি মৰমলগা ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ ইফালে বিদ্যালয়ৰ পৰিয়ালবৰ্গই আজি বিদ্যালয় অৰ্ধ ছুটী ঘোষণা কৰি দিনৰ ভাগত পৰিয়ালক দেখা দি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছাত্ৰীগৰাকীক ৷

লগতে পঢ়ক : Female doctor suicide: NMGH ৰ ছাত্ৰী আৱাসত মহিলা চিকিৎসকৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.