thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 6:56 AM IST

ETV Bharat / Videos

পৰম্পৰাগত ৰীতি-নীতিৰে মৰিগাঁৱত পালিত হ’ল ষঠ পূজা

মৰিগাঁও, 20 নৱম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দেওবাৰে মৰিগাঁৱতো পালন কৰা হয় ষঠ পূজা ৷ জিলাখনৰ সমীপৱৰ্তী ঔজাৰিত উলহ-মালহেৰে দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে পালন হয় ষঠ পূজা । মৰিগাঁও সাৰ্বজনীন ষঠ পূজা সমিতিৰ উদ্যোগত দেওবাৰে বিয়লি ভাগত ঔজাৰি বিলত পাৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হয় এই ষঠ পূজা ।

মৰিগাঁও বিহাৰী সমাজে ষঠ পূজা উপলক্ষে সূৰ্য দেৱতালৈ আগবঢ়োৱা হয় ধূপ, দীপ-নৈবেদ্য । সকলোৱে বৈদিক ৰীতি-নীতিৰে সূৰ্য দেৱতাক পানীত বুৰ মাৰি আগবঢ়ায় ষঠ পূজাৰ উপাচাৰ । জাউৰীয়ে জাউৰীয়ে মংগল-উৰুলিত মুখৰিত হৈ পৰে বিলখনৰ পাৰ । পুৰুষ, মহিলা উভয়ে ষঠ পূজাত অংশগ্ৰহণ কৰি সূৰ্য দেৱতাৰ আশীষ লয় ।

পৰম্পৰাগত এই ষঠ পূজা চাবলৈ বিলৰ পাৰত অসমীয়া লোকেও ভিৰ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Chhath Puja 2023: কেতিয়া পালন কৰা হ’ব ষঠ পূজা ? অৰ্ঘৰ সঠিক দিন তথা সময় জানি লওক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.