কাৰ্যালয়ৰ সন্মুখতে বিজেপিৰ জিলা সভাপতিক দুৰ্বৃত্তৰ আক্ৰমণ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 7 জানুৱাৰী: শেহতীয়াকৈ ৰাজ্যত সংঘটিত কেইবাটাও ভয়ংকৰ ঘটনাৰ পাছতে ৰাজপথত 24 ঘন্টাই আৰক্ষী সক্ৰিয় হৈ থকা সময়ত চৰাইদেউৰ সোণাৰিত সংঘটিত এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা অনুসৰি চৰাইদেউ জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখতে চৰাইদেউ জিলা বিজেপিৰ সভাপতিক দলবব্ধ আক্ৰমণ কৰা ঘটনা পোহৰলৈ আহিছে ।
শনিবাৰে নিশা সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত জিলা সভাপতি লক্ষীনাথ তাছাক আক্ৰমণ কৰে উদণ্ড যুৱকে । নিশা কাৰ্যালয়ৰ চৌহদত উদণ্ড যুৱকৰ দলে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাত বাধা দিবলৈ যাওঁতেই সভাপতিগৰাকীৰ লগতে তেওঁৰ সতীৰ্থক প্ৰহাৰ কৰে উদণ্ড যুৱকৰ দলটোৱে ।
দলটোৱে লক্ষীনাথ তাছাৰ পৰা মোবাইল ফোনো কাঢ়ি লোৱা অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে সোণাৰি থানাত গোচৰ ৰুজু কৰিছে জিলা বিজেপিৰ সভাপতিগৰাকীয়ে । ভুক্তভোগীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি আক্ৰমণকাৰী ৬/৭ জনীয়া দলটোত যুৱতীও আছিল । নিশাৰ আন্ধাৰত কাৰোৰেই পৰিচয় ধৰিব নোৱাৰিলে যদিও দেওবাৰে এজনক চিনাক্ত কৰিব পৰা বুলি জানিবলৈ দিছে গুৰুতৰভাৱে আহত বিজেপি সভাপতিগৰাকীয়ে ।