Changsari AIIMS:এইমছৰ প্ৰাংগণত কৰ্কট ৰোগৰ ক্ষেত্ৰত সজাগতা কাৰ্যসূচী - এইমছ গুৱাহাটী প্ৰাংগণত কৰ্কট ৰোগৰ সজাগতা কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 5:28 PM IST

Updated : Sep 20, 2023, 5:33 PM IST

বাইহাটা, 20 ছেপ্টেম্বৰ : ‘মুকলি হোৱাৰ পিছৰে পৰাই গুৱাহাটীৰ চাংসাৰিস্থিত এইমছে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি আহিছে ৷ বিভিন্ন সজাগতামূলক কামৰ জৰিয়তে নতুনকৈ মুকলি হোৱা এইমছে এই ধৰণৰ কামৰ মাজেৰে দৰাচলতে জনসাধাৰণৰ মাজলৈ যোৱাৰ প্ৰয়াস চলাইছে’- এই মন্তব্য এইমছ গুৱাহাটীৰ সঞ্চালক  ডা৹ অশোক পৌৰাণিকৰ ৷

তেওঁ লগতে তথ্য দাঙি ধৰে যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলতে দৈনিক বৃদ্ধি পাই আহিছে কৰ্কট ৰোগীৰ সংখ্যা । বৰ্তমান ডিঙিৰ আৰু মুখৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত এক নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে উত্তৰ পূৰ্বাঞ্চল, এই তথ্য সদৰি কৰিছে এইমছ গুৱাহাটীৰ সঞ্চালক ডা৹ অশোক পৌৰাণিকে ।

বুধবাৰে এইমছ গুৱাহাটী প্ৰাংগণত কৰ্কট ৰোগৰ ক্ষেত্ৰত এক সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ হয় । বিশেষকৈ ২৫ ৰ উৰ্ধৰ মহিলাৰ স্তন কেন্সাৰ, জৰায়ু কেন্সাৰ, ই.এন.টি কেন্সাৰৰ প্ৰাথমিক চিনাক্তকৰণৰ বাবে এইমছ গুৱাহাটীৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এই পৰীক্ষা কৰা হয় ।

উল্লেখ্য যে, কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষ সজুঁলিৰ সহায়ত এই চিনাক্তকৰণ কাৰ্য সম্পন্ন কৰা হয় । দুদিনীয়া কাৰ্যসূচীৰ দিনা এই সজাগতা সভা বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : Awareness program:ড্ৰাগছ আৰু বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সভা

Last Updated : Sep 20, 2023, 5:33 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.