thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 1:36 PM IST

ETV Bharat / Videos

CBI interrogates Runa Neog : CBI ৰ জেৰাৰ সন্মুখীন লখিমপুৰ জিলাৰ তদানীন্তন ASP ৰুণা নেওগ

নগাঁও, 5 অক্টোবৰ : এছ আই জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰতৰ কৰি তোলা চি বি আইৰ জেৰাৰ সন্মুখীন হৈছে বিতৰ্কত সাঙোৰ খাই পৰা আৰক্ষী বিষয়া ৰুণা নেওগ । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল ৰুণা নেওগ ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে সাঙোৰ খাই পৰিছিল লখিমপুৰ জিলাৰ নকল সোণ আৰু জাল নোট সৰবৰাহৰ প্ৰসংগ । আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰো তদন্ত অব্যাহত ৰখা চি বি আইৰ এটা দলে নগাঁও আৱৰ্ত ভৱনত জেৰা অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক ।

উল্লেখ্য যে, চলিত বৰ্ষৰে 15মে’ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিছিল SI জোনমণি ৰাভা ৷ মৃতদেহ উদ্ধাৰৰ পিচতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালে দাবী কৰিছিল । বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ জনতায়ো ইয়াক হত্যাকাণ্ড হিচাপেই গণ্য কৰিছিল ৷ তাৰ পাচৰ পৰাই অসম পুলিচ, CID, CBI য়ে আৰম্ভ কৰে তদন্ত ৷

লগতে পঢ়ক : Jonmani Rabha death updates: জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল এখন তেজ লগা ৰুমাল-ম’বাইল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.