SI Junmoni Rabha death case: কি পৰ্যায়ত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ? - ডি আই জি লাভলী কাটিয়াৰ
🎬 Watch Now: Feature Video
নগাঁও, 20 জুন : এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত চি বি আইৰ দলে । সোমবাৰে নিশা চি বি আইৰ দলটোক প্ৰয়োজনীয় কলম, কাগজকে ধৰি বিভিন্ন সামগ্ৰী যেগান ধৰা হয় নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা । লগতে আইনৰ কিতাপো যোগান ধৰা হয় আৰক্ষীৰ ফালৰ পৰা ।
সোমবাৰে দ্বিতীয়বাৰৰ বাবে মাৰাথান জেৰা চলাই সন্ধিয়া নগাঁও আৱৰ্ত ভৱনৰ পৰা চি বি আইয়ে যাবলৈ দিয়ে তিনিগৰাকীকৈ অভিযুক্ত আৰক্ষী বিষয়া ক্ৰমে মনোজ ৰাজবংশী, ৰাজা ইৰ্শ্বাদ আৰু আভাজ্যোতি ৰাভাক । সোমবাৰে সন্ধিয়া আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাকো জেৰাৰ অন্তত যাবলৈ দিয়া হয় যদিও পুনৰ আটাইকেইজনকে চি বি আইয়ে তলব কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ইপিনে এছ পি লীনা দলেকো যি কোনো মুহূৰ্তত চি বি আইৰ দলটোৱে জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
নগাঁৱতে লীনা দলেক জেৰা চলোৱাৰ সম্ভাৱনা আছে চি বি আইৰ দলটোৱে । ইফালে আজি অৰ্থাৎ মঙলবাৰে পুৱাৰ ভাগতে নগাঁৱৰ পৰা চি বি আইৰ দলটো নকল সোণ আৰু জালনোটৰ গোচৰৰ তদন্ত চলাবলৈ লখিমপুৰলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে সাঙোৰ খোৱা নকল সোণ আৰু জালনোট সৰবৰাহ চক্ৰ আৰু আৰক্ষীৰ সৈতে সু-সম্পৰ্ক থকা বুলি উত্থাপন হোৱা অভিযোগৰ তদন্ত কৰিবলৈ লখিমপুৰলৈ ৰাওনা হৈছে চি বি আইৰ দলটো ৷
লগতে পঢ়ক : SI Junmoni Rabha death case update : নগাঁৱত CBI ৰ দল, কেবাগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা