thumbnail

By

Published : May 31, 2023, 5:34 PM IST

ETV Bharat / Videos

Cattle smuggling in Assam: বিহালী আৰক্ষীৰ অভিযানত ৩১টা গৰুসহ ট্ৰাক জব্দ

বিহালী ৩১ মে':ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Smuggled Cattle seized in Bihali)। উত্তৰ অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মূল পথ হিচাপে ব্যৱহাৰ কৰিছে একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে । ইয়াৰ মাজতে কঠোৰ হৈছে বিশ্বনাথ জিলা আৰক্ষী । বুধবাৰে পুৱা বিহালী  থানাৰ  আৰক্ষীয়ে ৩১টাকৈ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰে (Cattle smuggler arrested in Bihali)। আৰক্ষীয়ে এই সন্দৰ্ভত এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী সূত্ৰ প্ৰকাশ অনুসৰি পুৱা ৫ বজাত আৰক্ষীৰ এটা দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত ৰৈ আছিল যদিও সৰবৰাহকাৰীয়ে পলায়নৰ চেষ্টা চলায় । আৰক্ষীৰ দলটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩০ কিলোমিটাৰ অধিক দূৰত্ব খেদি খেদি বিশ্বনাথ চাৰিআলিত কৰায়ত্ত কৰিবলৈ সক্ষম হয় । বিহালী আৰক্ষীয়ে USP65BT 8150 নম্বৰৰ ট্ৰাকখন জব্দ কৰাৰ লগতে চালক ৰাজকুমাৰ প্ৰজাপতিক গ্ৰেপ্তাৰ কৰে । 

লগতে পঢ়ক:Keshab Mahanta visits Charaideo Maidam: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.