Tense Situation in Jonai:দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত জোনাই থানা ঘেৰাও গো-পালকৰ - Tense Situation in Jonai
🎬 Watch Now: Feature Video

জোনাই, ৫ জুলাই:জোনাইৰ মুনমুনি মাজিআলি চাপৰিত গো-পালক দলৰ ওপৰত উপৰ্যুপৰি আক্ৰমণত জড়িত দুস্কৃতিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত বুধবাৰে শতাধিক পুৰুষ মহিলাই জোনাই আৰক্ষী থানা ঘেৰাও কৰে ৷ গুণ্ডাৰূপী বেদখলকাৰীক গ্ৰেপ্তাৰ কৰক, আমাক নিৰাপত্তা দিয়ক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে থানা চৌহদ ৷ বেদখলকাৰীয়ে গো-পালকৰ ওপৰত দা, জাঠি, জোঙেৰে কৰা উপৰ্যুপৰি আক্ৰমত এজন লোক মৃত্যু হোৱাৰ লগতে ১০ জনতকৈ অধিক লোক এতিয়াও চিকিৎসাধীন আছে । ইয়াৰ পিচতো দুস্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ নকৰাৰ অভিযোগ তুলি গো-পালক ৰাইজে এনেদৰে প্ৰতিবাদ জনায় ।
উল্লেখ্য় যে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত জোনাইৰ মাজিআলি মুনমুনি চাপৰিত গো-পালক আৰু খেতিয়কৰ মাজত সংঘাতৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে এজনৰ মৃত্য়ু হৈছিল । মঙলবাৰে সন্ধিয়াৰ ভাগত সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ৷ খেতিয়কৰ আক্ৰমণৰ ফলত ১৯ জনতকৈও অধিক গো-পালক আহত হয় ।
লগতে পঢ়ক:Tense Situation in Jonai: জোনাইৰ মাজিআলি মুনমুনি চাপৰিত খেতিয়ক আৰু গো-পালকৰ সংঘাত
TAGGED:
Tense Situation in Jonai