লটাৰীৰ টিকটসহ ৰাইজে কৰায়ত্ত কৰিলে যুৱকক - Lottery fraud detained in Guwahati - LOTTERY FRAUD DETAINED IN GUWAHATI
🎬 Watch Now: Feature Video


Published : Oct 5, 2024, 8:45 PM IST
গুৱাহাটী, ৫ অক্টোবৰ: ৰাজ্য়ত লটাৰীৰ নামত প্ৰৱঞ্চকে পেলাইছে নতুন জাল । একাংশ প্ৰৱঞ্চকে লটাৰীৰ নামত এইবাৰ মহানগৰীত নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰিছে । শেহতীয়াভাৱে উচ্চ ন্যায়ালয়ে লটাৰী খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতেই মহানগৰীত ৰাইজে এজন যুৱকক লটাৰীৰ টিকটসহ কৰায়ত্ত কৰি গতালে আৰক্ষীক ।
'Discount offer not a lottery' লিখা টিকট বিক্ৰী কৰি থাকোতেই মহানগৰীৰ লখৰাত স্থানীয় লোকে কৰায়ত্ত কৰিলে মিজানুৰ ৰহমান নামৰ যুৱকজনক। ধৃত যুৱকজনৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত । প্ৰৱঞ্চনাত অভিযুক্ত যুৱকজনে মহানগৰীৰ লখৰাৰ পৰা জালুকবাৰীৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি একোটা টিকটত ৩০০ টকাকৈ বিক্ৰী কৰি আহিছিল ।
এখন গাড়ীত উপহাৰসমূহ আছে বুলি প্ৰলোভন দি বিক্ৰী কৰিছিল টিকটসমূহ । অৱশেষত শনিবাৰে ৰাইজৰ সন্দেহ ওপজাত সোধা-পোছা কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী । যুৱকজনে জালুকবাৰীত উপহাৰ দিয়াৰ প্ৰলোভনেৰে গ্ৰাহকক এই টিকট বিক্ৰী কৰি আহিছিল । তাৰ পৰাই অন্তৰ্ধান হয় এই যুৱকজন ।