ETV Bharat / technology

বজাৰত মুকলি হ’ল নতুন প্ৰজন্মৰ Bajaj Chetak ইলেক্ট্ৰিক - BAJAJ CHETAK ELECTRIC LAUNCHED

বাজাজ অট’ই মুকলি কৰিছে নতুন প্ৰজন্মৰ Bajaj Chetak ইলেক্ট্ৰিক । বৰ্তমান কোম্পানীটোৱে নিজৰ দুটা ভেৰিয়েণ্টৰ মূল্য প্ৰকাশ কৰিছে ।

new-bajaj-chetak-electric-launched-in-india-price-features-specifications
বজাৰত মুকলি হ’ল নতুন প্ৰজন্মৰ Bajaj Chetak ইলেক্ট্ৰিক (Bajaj Auto)
author img

By ETV Bharat Tech Team

Published : 4 hours ago

হায়দৰাবাদ: দুচকীয়া বাহন নিৰ্মাতা কোম্পানী বাজাজ অটোয়ে নতুন প্ৰজন্মৰ Bajaj Chetak ইলেক্ট্ৰিক মুকলি কৰিছে, যিটো নতুন প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে । নতুন চেটক তিনিটা ভেৰিয়েন্টত মুকলি কৰা হৈছে । বৰ্তমান কোম্পানীটোৱে এক্স-শ্ব’ৰুম মূল্যত কেৱল মিড ভেৰিয়েণ্ট (1.20 লাখ টকা) আৰু টপ-স্পেক সংস্কৰণ (1.27 লাখ টকা)হে নিৰ্ধাৰণ কৰিছে ।

নতুন বাজাজ চেটকৰ ৰেঞ্জ আৰু প্ৰদৰ্শন

নতুন Bajaj Chetak নতুন ফ্ৰেমত নিৰ্মাণ কৰা হৈছে, য’ত 3.5 কিলোৱাট ঘণ্টাৰ বেটাৰী ব্যৱহাৰ কৰা হৈছে, যিটো এতিয়া ফ্ল’ৰব’ৰ্ডৰ তলত অৱস্থিত । কোম্পানীটোৱে দাবী কৰিছে যে নতুন বেটাৰীটো 3 কিলোগ্ৰাম লঘু আৰু 153 কিলোমিটাৰৰ অধিক ৰেঞ্জ প্ৰদান কৰে । স্কুটাৰখনত 950W চাৰ্জাৰ আছে আৰু কোম্পানীটোৱে কয় যে স্কুটাৰখন তিনি ঘণ্টাত 0-80 শতাংশ চাৰ্জাৰ কৰিব পৰা যাব ।

স্পেচিফিকেশনৰ কথা ক’বলৈ গ’লে নতুন প্ৰজন্মৰ Bajaj Chetak ত পূৰ্বৰ দৰেই সঁজুলি আছে আৰু ইয়াত 4 কিলোৱাট ইলেক্ট্ৰিক মটৰ ব্যৱহাৰ কৰা হৈছে । কোম্পানীটোৱে দাবী কৰিছে যে ইয়াৰ প্ৰদৰ্শন পূৰ্বৰ দৰেই থাকিব । ইয়াৰ শীৰ্ষ দুটা মডেলে ঘণ্টাত 73 কিলোমিটাৰ আৰু বেচ 3503 মডেলে ঘণ্টাত 63 কিলোমিটাৰ গতি লাভ কৰে ।

নতুন বাজাজ চেটকৰ ডিজাইন

ইয়াৰ বেটাৰী মজিয়াত মাউণ্ট কৰা হৈছে, যাৰ এটা ডাঙৰ সুবিধা হ’ল ই বুটৰ স্থান অলপ বৃদ্ধি কৰে । পুৰণি চেতকৰ কেইটামান অভিযোগৰ ভিতৰত এইটো এটা আছিল যদিও এতিয়া ইয়াৰ সমাধান হৈছে । নতুন Bajaj Chetak ইলেক্ট্ৰিক স্কুটাৰখনে লাভ কৰিছে 35 লিটাৰৰ বুট স্পেচ । হুইলবেছও 25 মিলিমিটাৰ বৃদ্ধি কৰি 1350 মিলিমিটাৰ হৈছে আৰু এতিয়া ছিটটো 80 মিলিমিটাৰ দীঘল হৈছে ।

নতুন Bajaj Chetakৰ বৈশিষ্ট্য

নতুন Bajaj Chetak ৰ টপ-স্পেক 3501 ভেৰিয়েণ্টত বহু নতুন বৈশিষ্ট্য দিয়া হৈছে । ইয়াৰ ভিতৰত আছে সংহত মেপৰ সৈতে টিএফটি ডিছপ্লে, ব্লুটুথ সংযোগ আৰু স্ক্ৰীণ মিৰ’ৰিঙৰ দৰে বৈশিষ্ট্য । অতিৰিক্ত বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গ’লে নথিপত্ৰ সংৰক্ষণ, জিঅ’-ফেন্সিং, চুৰিৰ সতৰ্কবাণী আৰু অতিৰিক্ত গতিৰ ক্ষেত্ৰত সতৰ্কবাণী অন্তৰ্ভুক্ত কৰা হৈছে ।

নতুন Bajaj Chetak ৰ সতৰ্কবাণী

বাজাজ অটোৱে Bajaj Chetak ৰ সৈতে 3 বছৰ/50,000 কিলোমিটাৰ ৱাৰেণ্টী প্ৰদান কৰিছে । মন কৰিবলগীয়া যে, এতিয়ালৈকে বাজাজে মাত্ৰ দুটা ভেৰিয়েণ্টৰ মূল্য ঘোষণা কৰিছে আৰু বেচ 3503 ভেৰিয়েণ্টৰ মূল্য পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব । বৰ্তমান Bajaj Chetak এ টিভিএছ আইকিউব, আথেৰ ৰিজটা, এম্পিয়াৰ নেক্সছ আৰু অলা এছ1 ৰেঞ্জৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ।

লগতে পঢ়ক: 16 অক্টোবৰত বজাৰলৈ New Bajaj Pulsar N125

বাজাজে মুকলি কৰিলে বিশ্বৰ প্ৰথমখন চিএনজি বাইক ফ্ৰিডম 125 - WORLD FIRST CNG BIKE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.