গুৱাহাটী : ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ । ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ এজেণ্ডা লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে । ইফালে,পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলক ব্যয়ৰ ক্ষেত্রত ৰাজ্যিক নির্বাচন আয়োগে যথেষ্ট সকাহ দিছে ।
নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজনীয় সামগ্রী, যান-বাহনৰ ভাড়া পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি হৈছে । যাৰ বাবে প্ৰাৰ্থীৰ ব্যয় ২০১২ চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনতকৈ যথেষ্ট ব্যয় বৃদ্ধি কৰিছে ৰাজ্যিক নির্বাচন আয়োগে । লক্ষণীয় বিষয় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত নিৰ্বাচনী ব্যয়ৰ হিচাপ জিলা আয়ুক্তৰ জৰিয়তে আয়োগক দাখিল নকৰিলে পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব নোৱাৰিব ।
বিগত আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ব্যয়ৰ সীমা :
বিগত ২০১২ চনত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ এজন প্ৰাৰ্থীৰ সৰ্বাধিক ব্যয় কৰাৰ সীমা আছিল ৪ লাখ টকা । ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুসৰি এইবাৰ এগৰাকী জিলা পৰিষদৰ সদস্যই সৰ্বাধিক ১০ লাখ টকা নির্বাচনী ব্যয় কৰিব পাৰিব । পূৰ্বতে জিলা পৰিষদৰ সদস্যৰ সংখ্যা আছিল ৪২০ গৰাকী ।
এইবাৰ পুনৰ গঠিত জিলা পৰিষদত সদস্যৰ সংখ্যা হ্রাস হ'ল ৩৯৭ গৰাকীলৈ । সেইদৰে সংশোধিত নির্বাচনী ব্যয় অনুসৰি আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ২.৫ লাখ টকা ব্যয় কৰিব পাৰিব । আগৰ ব্যয়ৰ নিৰিখ আছিল ১ লাখ টকা । পুনৰ গঠিত আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা আগৰ ১৮৫ৰ পৰা ১৮১লৈ এইবাৰ হ্ৰাস পাইছে । ইফালে, গাঁও পঞ্চায়তৰ এজন সদস্যই আগতে সৰ্বাধিক ১০ হাজাৰ টকা নিৰ্বাচনী ব্যয় কৰিব পাৰিছিল । এইবাৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ২৫ হাজাৰ টকালৈ।
পূৰ্বৰ বহু নিয়মৰ কৰা হৈছে সলনি :
উল্লেখ্য যে সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰৰ পৰা পোনপটীয়াকৈ গাঁও পঞ্চায়ত সভাপতি নিৰ্বাচনৰ ব্যৱস্থা নাথাকিব । ইয়াৰ পৰিৱৰ্তে নিৰ্বাচিত গাঁও পঞ্চায়ত সদস্যৰ মাজৰ পৰাহে এগৰাকী সভাপতি নির্বাচিত হ’ব । পূৰ্বৰ আইন অনুসৰি সভাপতি গৰাকী ‘নায়ক’ যদিও তেওঁ এটা দিনৰ ভিতৰতে ‘খলনায়ক' হৈ পৰিবলগীয়া হয় । কিয়নো গাঁও পঞ্চায়ত সভাপতিজন জনসাধাৰণৰ দ্বাৰা পোনপটীয়াকৈ ভোট লাভ কৰি নিৰ্বাচিত হয় । ৱাৰ্ড মেম্বাৰ অৰ্থাৎ গাঁও পঞ্চায়তৰ সদস্যসকলো ভোটাৰৰ দ্বাৰা নিৰ্বাচিত হয় । কিন্তু সংখ্যাগৰিষ্ঠ গাঁও পঞ্চায়ত সদস্যই সভাপতিজনৰ বিৰুদ্ধে অনাস্থা উত্থাপন কৰে তেন্তে সভাপতিয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰে । অপসাৰিত সভাপতিজনে আনকি তেওঁ গাঁও পঞ্চায়তখনৰ সাধাৰণ সদস্য হৈও নাথাকে ।
সংশোধিত ব্যৱস্থা অনুসৰি নিৰ্বাচিত সদস্যসকলৰ মাজৰ পৰাহে যিহেতু এগৰাকীক সভাপতি নিৰ্বাচিত কৰা হ'ব,সেয়েহে তেওঁৰ ওপৰত অনাস্থা আনি অপসাৰিত কৰিলেও তেওঁ পঞ্চায়তখনৰ সাধাৰণ সদস্য হৈ থাকিব । এইবাৰৰ পৰা গাঁও পঞ্চায়ত সদস্যৰ নিৰ্বাচন ৰাজনৈতিক দলৰ প্ৰতীকত অনুষ্ঠিত নহয় । নতুন সীমা অনুসৰি জিলা পৰিষদ, আঞ্চলিক পৰিষদৰ দৰে গাঁও পঞ্চায়তৰ সংখ্যাও হ্ৰাস হৈছে । আগতে গাঁও পঞ্চায়ত আছিল ২২০২খন । পুনৰ গঠিত সীমা অনুসৰি গাঁও পঞ্চায়তৰ সংখ্যা এইবাৰ হ্ৰাস হ'ল ২১৯৩খনলৈ ।