ETV Bharat / state

বিকাশৰ ১২ দিন, প্ৰথমটো চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ - MINISTER PRASHANT PHUKAN

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ জড়িয়তে ডিব্ৰুগড়ৰ মহিলাক মাইক্ৰ'ফাইনেন্স ঋণ মুক্ত পত্ৰ প্ৰদান । নিজৰ সমষ্টিত মন্ত্ৰী হিচাপে প্ৰথমটো চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ প্ৰশান্ত ফুকনৰ ।

Minister Prashant Phukan attended the first official meeting in Dibrugarh
প্ৰথমটো চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

মৰাণ: পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা পাছতে জিলাই জিলাই বিভিন্ন চৰকাৰী অনুষ্ঠান আয়োজন কৰি ৰাইজৰ মাজলৈ চৰকাৰে কাম-কাজৰ খতিয়ান দিবলৈ চেষ্টা কৰিছে । ইয়াৰ সমান্তৰালভাৱে অসম চৰকাৰে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আৰম্ভ কৰিছে 'বিকাশৰ ১২ দিন' শীৰ্ষক কাৰ্যসূচী । প্ৰতিখন জিলাতে 'বিকাশৰ ১২ দিন' শীৰ্ষক অনুষ্ঠান অনু্ষ্ঠিত কৰি ৰাইজৰ মাজত বিতৰণ কৰা হৈছে চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা ।

শনিবাৰে ডিব্ৰুগড়ৰ মানকটা পূজা খেলপথাৰত অনুষ্ঠিত হয় 'বিকাশৰ ১২দিন' কাৰ্যসূচী । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে । এই অনুষ্ঠানত ডিব্ৰুগড়ৰ ৭,৩৫১ গৰাকী মহিলাক মাইক্ৰ'ফাইনেন্স ঋণ মুক্ত প্ৰত্ৰ প্ৰদান কৰা হয় । লগতে অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰা হয় । এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, পোনাকণ বৰুৱা, তৰংগ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ টংকেশ্বৰ সোণোৱালৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।

প্ৰথমটো চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনৰ (ETV Bharat Assam)

নিজৰ সমষ্টিত মন্ত্ৰী হিচাপে প্ৰথমটো চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত মন্ত্ৰী প্ৰশান্ত ফুকন:

ডিব্ৰুগড়ত অনুষ্ঠিত 'বিকাশৰ ১২দিন' কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে কয়, "আজি চৰকাৰীভাৱে মন্ত্ৰী হিচাপে প্ৰথম চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ । বিকাশৰ ১২ দিন কাৰ্যসূচী হিচাপে আজি ৭,৩৫১ গৰাকী মহিলাক মাইক্ৰ'ফাইনেন্স ঋণ মুক্ত প্ৰত্ৰ প্ৰদান কৰা হয় । লগতে অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰিব পাৰিলোঁ । মুখ্যমন্ত্ৰী গৰাকীয়ে চুক-কোণ মাৰি প্ৰতিটো বিভাগৰ কাম কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে ৰাইজ উপকৃত হৈছে ।"

লগতে শিক্ষিত যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ যি প্ৰশিক্ষণৰ ব্যৱস্থা চৰকাৰে কৰিছে তাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী প্ৰশান্ত ফুকনে ।

লগতে পঢ়ক: স্মাৰ্ট মিটাৰ ইজ এ ছেনচিটিভ মিটাৰ: নতুন শক্তিমন্ত্ৰীৰ সংজ্ঞা - PRASANTA PHUKANS ON SMART METER

২৪ ঘন্টাই বিদ্যুৎ যোগান; বিভাগীয় অভিযন্তাক বিশেষ পৰামৰ্শ শক্তিমন্ত্ৰী ফুকনৰ - SAFE POWER SUPPLY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.