ETV Bharat / health

সৰুৰে পৰা আপোনাৰ শিশুটিক কৰাওক এই অভ্যাস - CHILD ORAL HEALTH TIPS

যেতিয়া শিশুটিৰ বয়স ৪ বছৰ হয় তেতিয়া শিশুটিৰ স্বাস্থ্যৰ বিশেষ যতন লোৱাটো উচিত ৷ এনে ক্ষেত্ৰত অভিভাৱকে কি কৰা উচিত পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন-

Teaching Children Good Oral Hygiene: Habits to Start at Age Four
সৰুৰে আপোনাৰ শিশুটিক কৰাওক এই অভ্যাস (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 21, 2024, 5:26 PM IST

সৰুৰে পৰা শিশুৰ স্বাস্থ্যৰ যতন লোৱাটো খুবেই গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ মুখৰ স্বাস্থ্যৰ ৷ যেতিয়া শিশুটিৰ বয়স ৪ বছৰ হয় তেতিয়া শিশুটিৰ স্বাস্থ্যৰ বিশেষ যতন লোৱাটো উচিত ৷ এই বয়সত শিশু এটাক তেওঁলোকক দাঁতৰ কিদৰে যত্ন লোৱা উচিত সেই অভ্যাস শিকাবলৈ আৰম্ভ কৰিব লাগে, যাতে দাঁত শক্তিশালী হৈ থাকে আৰু ভৱিষ্যতে দাঁতৰ যিকোনো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে ৷ আজি ৫টা বিশেষ অভ্যাসৰ বিষয়ে জানো আহক আহক, যিসমূহ ৪ বছৰ বয়সৰ পৰা শিশুক শিকোৱা উচিত ৷

দাঁত সঠিকভাৱে পৰিস্কাৰ কৰা

শিশুৱে দিনত কমেও দুবাৰ দাঁত ব্ৰাছ কৰিব লাগে, পুৱা আৰু ৰাতি ৷ শিশুক সৰুৰে পৰাই এই অভ্যাসটো শিকোৱাটো খুব গুৰুত্বপূৰ্ণ, যাতে দাঁতত লেতেৰা, বেক্টেৰিয়া আৰু খাদ্যকণা লাগি নাথাকে ৷ সঠিকভাৱে ব্ৰাছ কৰিবলৈ তথা প্ৰতিটো দাঁতৰ প্ৰতি সমান মনোযোগ দিয়াৰ অভ্যাস কৰিব লাগে ৷শিশুসকলক কোমল ব্ৰাছ ব্যৱহাৰ কৰিবলৈ দিব, যাতে সিহঁতৰ আলুত আঘাত নকৰে আৰু আলু সুৰক্ষিত থাকে ৷ সঠিকভাৱে ব্ৰাছ কৰিলে প্লেক আৰু বেক্টেৰিয়া জমা হোৱা প্ৰতিহত কৰে, যিয়ে দাঁতৰ সুস্বাস্থ্য বজাই ৰাখে ৷বিশেষকৈ, শিশুৰ বাবে ৰাতি টোপনি যোৱাৰ আগতে ব্ৰাছ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ গোটেই দিনটো ইটো-সিটো খাই থকাৰ ফলত দাঁতত বেক্টেৰিয়া আৰু প্লেক জমা হয়, যাৰ ফলত দাঁতৰ ক্ষয় আৰু আলু ফুলিব পাৰে ৷দাঁত লেতেৰা হৈ থাকিলে নিশা মুখত লেলাৱতিৰ অভাৱ হয় আৰু বেক্টেৰিয়াৰ বিকাশ অধিক দ্ৰুততাৰে হয়, যি দাঁতৰ বাবে ক্ষতিকাৰক ৷ বেক্টেৰিয়া আৰু খাদ্যকণাবোৰ ভালদৰে পৰিস্কাৰ কৰিবলৈ বিচনালৈ যোৱা অভ্যাস কৰাৰ লাগে ৷ ই দাঁত স্বাস্থ্যৱান ৰাখে আৰু মুখৰ গোন্ধ সৃষ্টি নকৰে ৷

মিঠাই খোৱাৰ পিছত মুখ ধোৱা

শিশুসকলক মিঠা বস্তু খোৱাৰ লগে লগে মুখ ধোৱাৰ অভ্যাস কৰিব লাগে ৷ চকলেট, আইচক্ৰীম, বিস্কুট আদিৰ দৰে মিঠা বস্তু দাঁতত লাগি থাকে ৷ চেনিয়ে বেক্টেৰিয়া বৃদ্ধি কৰে, যাৰ ফলত দাঁতত গহ্বৰ হ'ব পাৰে ৷ যদি শিশুৱে মিঠাই খোৱাৰ লগে লগে পানীৰে মুখ ধোৱাৰ অভ্যাস কৰে, তেতিয়া দাঁত যিকোনো ধৰণৰ ক্ষতিৰ পৰা সুৰক্ষিত থাকিব ৷ এই অভ্যাসে শিশুৰ মুখৰ স্বাস্থ্য উন্নত কৰিব আৰু দাঁত পৰিস্কাৰ কৰাত সহায় কৰিব ৷

জিভা পৰিস্কাৰ কৰা

জিভা পৰিস্কাৰ কৰাটো উপেক্ষা কৰাটো শিশুৰ মুখৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ৷ জিভাতো বেক্টেৰিয়া আৰু খাদ্যৰ কণা জমা হয় ৷ শিশুৰ কোমল জিভা দৈনিক পৰিস্কাৰ কৰাটো অভ্যাস কৰি তুলিব লাগে ৷এনে অভ্যাসৰ দ্বাৰা মুখৰ পৰা বেক্টেৰিয়া আৰু গোন্ধ আঁতৰ হয় আৰু মুখখন সতেজতাৰে ভৰে ৷ জিভা পৰিস্কাৰ কৰিলে কেৱল দাঁতৰ স্বাস্থ্য উন্নত হোৱাই নহয়, ই শিশুসকলক সতেজ আৰু আৰামৰ অনুভৱ দিয়ে ৷

জাংক ফুড পৰিহাৰ কৰা

জাংক ফুড যেনে চিপচ, চকলেট, ক’ল্ড ড্ৰিংক, বাৰ্গাৰ আদিত উচ্চ পৰিমাণৰ চেনী আৰু ষ্টাৰ্চ থাকে, যি দাঁতৰ বাবে অত্যন্ত ক্ষতিকাৰক ৷ সেইবোৰ খোৱাৰ ফলত দাঁত ক্ষয় গৈ দুৰ্বল হৈ পৰে ৷ সেয়েহে, শিশুসকলক জাংক ফুডৰ পৰা দূৰত ৰাখি তেওঁলোকৰ খাদ্য তালিকাত ফল, পাচলি, বাদাম আৰু সম্পূৰ্ণ শস্যৰ দৰে স্বাস্থ্যকৰ বিকল্প অন্তৰ্ভুক্ত কৰিব ৷ এইবোৰ কেৱল দাঁতৰ বাবেই নহয়, শিশুসকলৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও উপকাৰী ৷

নিয়মীয়া দাঁত পৰীক্ষা

শিশুসকলক প্ৰতি ৬ মাহত দন্ত চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে আৰু নিয়মীয়াকৈ দাঁতৰ পৰীক্ষা কৰিব লাগে ৷ শিশুৰ দাঁতৰ বিকাশ প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া পৰীক্ষা কৰিলে সময়মতে দাঁতৰ যিকোনো সমস্যা চিনাক্ত কৰি চিকিৎসা কৰিব পাৰি ৷ ই দাঁতত যিকোনো প্ৰকাৰৰ ক্ষয়, গহ্বৰ বা আলুৰ ৰোগ চিনাক্ত কৰাত সহায় কৰে আৰু আগতীয়া চিকিৎসাৰ দ্বাৰা গুৰুত্বপূৰ্ণ সমস্যাবোৰ পৰিহাৰ কৰিব পাৰি ৷ এই অভ্যাসবোৰ শিশুৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিলে তেওঁলোকৰ দাঁত স্বাস্থ্যৱান আৰু শক্তিশালী হৈ থকাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব ৷

উৎস:-https://pmc.ncbi.nlm.nih.gov/articles/PMC6667186/#:~:text=Specifically%2C%20children%20with%20poor%2Ffair,1.42%2C2.62)%2C%20respectively.

লগতে পঢ়ক: দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খায় নেকি ? জানি লওক লোকচান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.