পুখুৰীত পৰি থকা বাহনৰ পৰা উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ - Accident in Nalbari - ACCIDENT IN NALBARI
🎬 Watch Now: Feature Video


Published : Oct 6, 2024, 12:11 PM IST
নলবাৰী,৬ অক্টোবৰ: নলবাৰীৰ শোলমাৰাত ভয়ংকৰ ঘটনা । পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ এখন চাৰিচকীয়া বাহন । বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ এটি মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো খেলুৱা গাঁৱৰ ব্যৱসায়ী ধ্ৰুৱজ্যোতি তালুকদাৰৰ বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে পুৱতি নিশা ৪ মান বজাত শোলমাৰাৰ এক ভিতৰুৱা পথত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি খবৰ পায় স্থানীয় লোকে । পিছত ঘটনাস্থলীত স্থানীয় লোকে ট্ৰেক্টৰৰে গাড়ীখন পুখুৰীৰ পৰা উদ্ধাৰ কৰি স্থানীয় শোলমাৰা আৰক্ষী চকীক খবৰ দিয়ে ।
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্তৰ । এয়া দুৰ্ঘটনা নে অন্য কিবা সেয়া আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব । উল্লেখযোগ্য যে উক্ত পথচোৱা দীৰ্ঘদিনৰে পৰা কিছু কিছু ঠাইত জৰাজীৰ্ণ আৰু পথৰ দুয়োকাষে পুখুৰীবোৰ উন্মুক্ত হৈ আছিল । সেই সন্দৰ্ভত স্থানীয় লোকে এয়া দুৰ্ঘটনা বুলি সংবাদ মাধ্যমৰ আগত সন্দেহ প্ৰকাশ কৰে । আনহাতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হ’ল AS03AJ3927 ।