thumbnail

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 9:44 AM IST

ETV Bharat / Videos

Nude photo controversy: দেৱ বাদ্যৰ আঁৰত নগ্ন দেহৰ ছবি; সংগীত শিল্পী অৰূপজ্যোতি বৰুৱাৰ বিৰুদ্ধে গোচৰ

মাজুলী, 15 ছেপ্টেম্বৰ : যোৱা দুটামান দিনৰ পূৰ্বে সামাজিক মাধ্যমত অৰূপজ্যোতি বৰুৱা নামৰ এজন শিল্পীয়ে নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল এখন আপত্তিজনক ফটো ৷ সেই ফটোখনত এজন নগ্ন পুৰুষে দেৱ বাদ্য খোলৰ আঁৰ লৈ থকা দেখা গৈছিল ৷ সেই ফটোখন সামাজিক মাধ্যমত আপলোডো কৰিছিল সংগীত শিল্পীগৰাকীয়ে । উক্ত ফটোখন সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল ৷

বহুতে এই ফটোখন আপলোড কৰা অৰূপজ্যোতি বৰুৱাক বহু সমালোচনা কৰিছিল ৷ বৃহস্পতিবাৰে মাজুলী গড়মূৰ আৰক্ষী থানাত মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়াই দেৱ বাদ্য খোলৰ সৈতে নগ্ন ফটো আপলোড কৰাৰ অভিযোগত শিল্পী অৰূপজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ ।

বীৰেন শইকীয়াই বিজেপিৰ একাংশ সতীৰ্থৰ সৈতে আহি গড়মূৰ থানাত গোচৰ দাখিল কৰি কয়, ‘‘গুৰুজনাৰ অনুপম সৃষ্টিক এনেদৰে ব্যৱহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক । এই ফটোৰ জৰিয়তে বৈষ্ণৱ সংস্কৃতিৰ সন্মানত আঘাত দিছে । এইগৰাকী শিল্পীৰ বিৰুদ্ধে অতি সোনকালে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে’’ ৷ লগতে অৰূপজ্যোতি বৰুৱাক দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে দাবী তোলে মাজুলী জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে ৷

লগতে পঢ়ক : Assam CM wife land Scam : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ তৰিব মুখ্যমন্ত্ৰী পত্নী ৰিণিকি শৰ্মা ভূঞাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.