Two child killed by mother : পাৰিবাৰিক কন্দলৰ ফলতে মাতৃয়ে দুই সন্তানক হত্যা কৰাৰ সন্দেহ - নিজ মাতৃৰ হাতত মৃত্যু হ’ল দুই সন্তানৰ
🎬 Watch Now: Feature Video


Published : Sep 2, 2023, 9:38 AM IST
কৰিমগঞ্জ, 2 ছেপ্টেম্বৰ : গাৰ নোম শিয়ঁৰি যোৱা এক ঘটনা ৷ নিজ মাতৃৰ হাতত মৃত্যু হ’ল দুই সন্তানৰ ৷ শুকুৰবাৰে কাছাৰৰ কচুৰদাৰম অঞ্চলত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ পাৰিবাৰিক কন্দলৰ ফলতে এই ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ মূল অভিযুক্ত মৃত দুই সন্তানৰ মাতৃক ৷ অভিযুক্ত মাতৃগৰাকীৰ নাম আজমিৰা বেগম লস্কৰ ৷ এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে কয় যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত আৰম্ভ কৰিছে ৷
আৰক্ষীয়ে উল্লেখ কৰা মতে, আজমিৰা বেগম লস্কৰ হৈছে বেবুল হক লস্কৰৰ দ্বিতীয় পত্নী ৷ ইফালে শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃত দুই শিশুক লৈ যোৱা হয় সোণাইৰৰ ভৌৰীকান্দি গাঁৱলৈ ৷
লগতে পঢ়ক : Two child killed by mother: দুই কণমানিক হত্যা কৰিলে নিজ মাতৃয়ে