Cachar district administration notice: অসমীয়াৰ সুৰক্ষাৰ্থে মেঘালয়ত প্ৰৱেশৰ বাধা জিলা প্ৰশাসনৰ - কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহত্ত
🎬 Watch Now: Feature Video

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অসম-মেঘালয় সীমান্তত মঙলবাৰে পুৱা সংঘটিত হোৱা গুলীবৰ্ষণৰ ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে মেঘালয় (Tensed situation in Meghalaya) ৷ ইয়াৰ পিছতেই আজি কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহত্তই (Cachar SP Nomal Mahatto)এক জাননী জাৰি কৰি অসমৰ কোনো লোকক বৰাকৰ পৰা মেঘালয়ত প্ৰৱেশ নকৰিবলৈ আহ্বান জনায় (Cachar district administration blocked entry into Meghalaya)৷ অসমীয়াসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰি এই মুহুৰ্তত মেঘালয় ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে (Cachar district administration notice) ৷ ইতিমধ্যে মেঘালয় আৰু বৰাকৰ সীমান্তৰ দিগৰখালৰ পৰা মেঘালয় অভিমুখী সকলো বাহন ঘূৰাই পঠিয়াইছে আৰক্ষীয়ে ৷ ইপিনে আৰক্ষীৰ বাধা প্ৰদানৰ ফলত এতিয়া আটাইতকৈ অসুবিধাত পৰিছে যাত্ৰীসকল ৷
Last Updated : Feb 3, 2023, 8:33 PM IST